গোচৰীয়াই অস্বীকাৰ কৰিলে গোচৰ দিয়াৰ কথাঃ মহবুবুল হকৰ গ্ৰেপ্তাৰত সন্দেহত ঢেকীয়াজুলি আৰক্ষীৰ...

ঢেকীয়াজুলি আৰক্ষী থানাত মহবুবুল হকৰ বিৰুদ্ধে মুকছেদ আলী নামৰ লোকজনে যি গোচৰ তৰা বুলি কোৱা হৈছে , যি গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে সেই গোচৰক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।

author-image
Tushar Pratim
New Update
গোচৰীয়াই অস্বীকাৰ কৰিলে গোচৰ দিয়াৰ কথাঃ মহবুবুল হকৰ গ্ৰেপ্তাৰত সন্দেহত ঢেকীয়াজুলি আৰক্ষীৰ...

ডিজিটেল ডেস্কঃ ‘USTM বৰ ভাল বিশ্ববিদ্যালয়। আপোনালোককৰ ল’ৰা- ছোৱালীক USTM ত পঢ়াওঁক’।–আজি শোণিতপুৰ জিলা দণ্ডাধীশৰ ওচৰত হাজিৰ কৰোৱাৰ সময়ত USTM ৰ আচাৰ্য মহবুবুল হকে সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে।

Advertisment

উল্লেখ্য যে, যোৱা ২১ ফেব্ৰুৱাৰীতে গ্ৰেপ্তাৰ হোৱা USTMৰ আচাৰ্যগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত এটাৰ পাছত এটাকৈ গোচৰ জাপি দিয়া হৈছে। অতি শেহতীয়াকৈ ঢেকীয়াজুলি আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ৰুজো হোৱা ৫৫/২০২৫ নম্বৰৰ গোচৰত ভাৰতীয় ন্যায় সংহিতাৰ ৩১৮(৪)/৩১৬(৫)/৩৩৬(৩) আৰু ‘দ্য পাবলিক এক্সামিনেছন (প্ৰিভেঞ্চন অফ আনফেয়াৰ মিনছ) আইন, ২০৪’ ৰ অধীনত তেওঁক গ্ৰেপ্তাৰ কৰি আজি শোণিতপুৰ জিলা দণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হয়।

লক্ষ্যণীয়ভাৱে ঢেকীয়াজুলি আৰক্ষী থানাত মহবুবুল হকৰ বিৰুদ্ধে যি গোচৰ ৰুজু হৈছে সেই গোচৰক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে। ঢেকীয়াজুলি আৰক্ষীয়ে প্ৰকাশ কৰা মতে মুকছেদ আলী নামৰ লোকজনে USTM ৰ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে।

কিন্তু সংবাদ মাধ্যমৰ আগত মুকছেদ আলীয়ে স্পষ্টকৈ উল্লেখ কৰিছে তেওঁ মহবুবুল হকৰ বিৰুদ্ধে কোনোধৰণৰ গোচৰ ৰুজু কৰা নাই। মুকছেদ আলীয়ে এই সন্দৰ্ভত কয়, তেওঁ খেতি পথাৰত কাম কৰি থকাৰ সময়ত বৰছলা আৰক্ষী থানাৰ আৰক্ষীয়ে আহি তেওঁক ঢেকীয়াজুলি থানালৈ তাৎক্ষণিকভাৱে আহিবলৈ কয়।

সেই মতেই তেওঁ আৰক্ষী থানাত হাজিৰ হোৱাৰ পাছত তেওঁক থানাতে বহু সময় ৰি বহুৱাই ৰাখে আৰু মাজে মাজে আৰক্ষীয়ে আহি মহবুবুল হকৰ সন্দৰ্ভত তেওঁক প্ৰশ্ন কৰে। USTM ত অধ্যয়নৰত তেওঁৰ পুত্ৰৰ বাবে কিমান টকা দিছিল, কেতিয়া দিছিল আদি প্ৰশ্ন কৰে।

মুকছেদ আলীয়ে কয়, ‘‘আৰক্ষীয়ে মোক আহি সুধিলে, আপুনি ২ লাখ টকা দিছিল নেকি? বহুতেই টকা দিছিল বুলি শুনিছো’’। মুকছেদ আলীয়ে বাৰে বাৰে টকা নাই দিয়া বুলি কয় যদিও ঢেকীয়াজুলি আৰক্ষীয়ে মহবুবুল হকৰ ওপৰত গোচৰ তৰিবলৈ তেওঁক হেঁচা প্ৰয়োগ কৰে বুলি অভিযোগ কৰিছে।

তেওঁ কোৱা মতে মহবুবুল হকৰ বিৰুদ্ধে গোচৰ নিদিয়াত বহু সময় আৰক্ষী থানাত বহাই ৰাখে আৰু পাছত পুত্ৰ USTM ত অধ্যয়ন কৰি থকাৰ বাবেই এখন কাগজত অভিভাৱকৰ স্বাক্ষৰ লাগে বুলি কৈ তেওঁক স্বাক্ষৰ কৰিবলৈ কয়। স্বাক্ষৰ নিদিলে তেওঁক থানাৰ পৰা আহিবলৈ নিদিওঁ বুলি কোৱাৰ লগতে পাথাৰকান্দিলৈ প্ৰেৰণ কৰাৰো ভাবুকি দিয়ে।

আৰক্ষীৰ এনে ভাবুকিতে কাগজখনত স্বাক্ষৰ কৰা বুলি কয় মুকছেদ আলীয়ে। পৰবৰ্তী সময়ত এই মুকছেদ আলীয়ে মহবুবুল হকৰ বিৰুদ্ধে গোচৰ তৰা বুলি কৈ সেই গোচৰতে আৰক্ষীয়ে শ্ৰীভূমিৰ কাৰাগাৰৰ পৰাই গ্ৰেপ্তাৰ কৰে মহবুবুল হকক।

লক্ষ্যণীয়ভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহবুবুল হকৰ সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত কিছু দিন পূৰ্বে কৈছিল- ‘‘ তেওঁ বহুদিন কাৰাগাৰত থাকিব লাগিব’’। তাৰ পাছতে ৰাজ্যৰ বিভিন্ন জিলাত মহবুবুল হকৰ বিৰুদ্ধে এটাৰ পাছত এটাকৈ গোচৰ ৰুজু হৈছে আৰু সেই গোচৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ে পাথাৰকান্দিত ৰুজু হোৱা ৫৪/২০২৫ আৰু ৫৫/২০২৫ নম্বৰৰ গোচৰত জামিন প্ৰদান কৰিছে মহবুবুল হকক। গোসাঁইগাওঁ আৰক্ষী থানাতো তেওঁৰ বিৰুদ্ধে ৩১/২০২৫ নম্বৰত এক গোচৰ ৰুজু হৈছিল যদিও সেই গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে বাতিল কৰিছে।

স্মৰ্তব্য, শ্ৰীভূমি (কৰিমগঞ্জ) জিলাৰ কেন্দ্ৰীয় বিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাত মুঠ ২৭৪ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল, য’ত বিদ্যালয়খনৰ ৪৫ জন আৰু ই আৰ ডি গ্ৰুপৰ ২১৪ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। অভিযোগ অনুসৰি, পৰীক্ষাৰ সময়ত ই আৰ ডি গ্ৰুপৰ ছাত্ৰ-ছাত্ৰীক বক্ৰ পথেৰে অধিক নম্বৰ প্ৰাপ্তিৰ বাবে সহায় কৰিবলৈ কোনো আৰ্থিক চুক্তি কৰা হৈছিল।

কিন্তু পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি যেতিয়া পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীয়ে সহায় লাভ নকৰিলে তেতিয়া পৰীক্ষা কেন্দ্ৰটোত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰৰ পৰিস্থিতি উত্তাল কৰি তুলি বিদ্যালয়খনৰ বিভিন্ন সামগ্ৰী লণ্ডভণ্ড কৰে। তাৰ পাছতেই আৰক্ষীয়ে এনে অসৎ কামৰ অভিযোগেৰে আৰক্ষী আৰু এছ টি এফে তদন্ত আৰম্ভ কৰে।

লক্ষ্যণীয় ভাৱে পাথাৰকান্দি আৰক্ষী থানাৰ গোচৰত জামিন লাভ কৰিলেও মহবুবুল হকৰ বিৰুদ্ধে পুনৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰা আৰু গোচৰ দিওঁতাই আৰক্ষীয়ে ভয়, ভাবুকিৰে স্বাক্ষৰ লৈ গোচৰ ৰুজু কৰা বুলি মুকলি অভিযোগ উত্থাপন কৰা কাৰ্যই গোটেই বিষয়টোকে ৰহস্যৰ মাজলৈ লৈ গৈছে। 

 

তেজপুৰ ইউ এছ টি এম মহবুবুল হক