জামুগুৰিহাটৰ দুই যুৱকৰ চাইকেল চলাই কেদাৰনাথ যাত্ৰা...

জামুগুৰিহাটৰ দুই যুৱকৰ চাইকেল চলাই কেদাৰনাথ যাত্ৰা...

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ দুই যুৱকৰ চাইকেল চলাই কেদাৰনাথ যাত্ৰা...

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ২নং বৰদিকৰাই মিৰি গাঁৱৰ লীলা তামাঙ আৰু শংকৰ তামাঙ নামৰ দুজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপক আদৰণী জনাইছে ৰাইজে৷ বিশ্ব শান্তিৰ কামনা আৰু পৰিবেশ সংৰক্ষণৰ উদেশ্যেৰে চাইকেল চলাই প্ৰায় ২৪০০ কি:মি: দুৰত্বৰ কেদাৰনাথ ধামলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে ।

এই চাইকেল যাত্ৰাৰ মূহুৰ্তত দুই যুৱকক স্হানীয় ৰাইজৰ লগতে উত্তৰ জামুগুৰি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থা‌ৰ সভাপতি হেমু লিম্বু আৰু সম্পাদক ৰুদ্ৰ চেত্ৰীয়ে শুভেচ্ছা জনায়। দুয়োকে একোখনকৈ ফুলাম গামোছাৰে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মংগলময় যাত্ৰাৰ কামনা কৰে ৰাইজ তথা সংগঠনটোৱে ৷

Also Read: মহিলা প্ৰাৰ্থীৰে হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ : পৰৱৰ্তী পৰীক্ষাৰ পূৰ্বে প্ৰস্তুত কৰা হ’ব এছ অ’ পি

jamugurihat