হেলেমৰ দৰঙীয়াচুকত ৰঙালী বিহু সন্মিলনত গহপুৰৰ দুগৰাকী সাংবাদিকক সম্বৰ্ধনা

প্ৰকৃত সাংবাদিকতাৰ চানেকী দাঙি ধৰি অহা গহপুৰৰ দুগৰাকী সাংবাদিকক সত্যনিষ্ঠ সাংবাদিক হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰে গহপুৰৰ হেলেম মৌজাৰ এখন ৰঙালী বিহু সন্মিলনে।

author-image
Tushar Pratim
New Update
হেলেমৰ দৰঙীয়াচুকত ৰঙালী বিহু সন্মিলনত গহপুৰৰ দুগৰাকী সাংবাদিকক সম্বৰ্ধনা

ডিজিটেল সংবাদ, ছয়দুৱাৰ: ডিজিটেল মাধ্যম আৰু ছপা মাধ্যমৰ জৰিয়তে সমাজৰ অতন্দ্ৰ প্ৰহৰী ৰূপে সৰ্বোস্তৰৰ ৰাইজৰ মাজত নিৰ্ভৰযোগ্য, নিৰ্ভীক, সত্যনিষ্ঠ সংবাদসেৱী ৰূপে প্ৰকৃত সাংবাদিকতাৰ চানেকী দাঙি ধৰি অহা গহপুৰৰ দুগৰাকী সাংবাদিকক সত্যনিষ্ঠ সাংবাদিক হিচাপে সম্বৰ্ধনা জ্ঞাপন কৰে গহপুৰৰ হেলেম মৌজাৰ এখন ৰঙালী বিহু সন্মিলনে।

Advertisment

উল্লেখ্য যে গহপুৰ সমজিলাৰ গমিৰি দৰঙীয়াচুকৰ পুৱেৰুণ যুৱক সংঘ আৰু পুথিভড়ালৰ সৌজন্যত সোমবাৰে অনুষ্ঠিত কৰা হয় ৩৭ সংখ্যক ৰঙালী বিহু সন্মিলন। ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি দিনৰ ভাগত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পাছত নিশা ৯ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

স্বৰ্গীয় তুলসী বৰা আৰু সৰলা বৰাৰ স্মৃতিত উৎসৰ্গিত মঞ্চৰ শুভ উদ্বোধন কৰে গহপুৰৰ জ্যেষ্ঠ সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ভূৱন শইকীয়াই। ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ সম্পাদক কৃষ্ণ বৰাই আঁত ধৰা মঞ্চ উদ্বোধনী অনুষ্ঠানতে বিগত ২৫ বছৰে ছপা মাধ্যম, বৈদ্যুতিন মাধ্যম আৰু ডিজিটেল মাধ্যমৰ জৰিয়তে সংবাদ সেৱা আগবঢ়াই অহা জ্যেষ্ঠ সাংবাদিক  ভূৱন শইকীয়া আৰু বিগত ১৩ বছৰে ছপা মাধ্যম, বৈদ্যুতিন মাধ্যম আৰু ডিজিটেল মাধ্যমত সেৱা আগবঢ়াই অহা সংবাদ দাতা ৰমেন বৰাক পুৱেৰুণ যুৱক সংঘ আৰু পুথিভড়ালৰ উদ্যোগত ৰাজহুৱা ভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

 নিজৰ প্ৰয়াত পিতৃ-মাতৃৰ নামত মঞ্চ প্ৰদান কৰা অঞ্চলটোৰ এগৰাকী সমাজ সচেতন যুৱক, ক্ষুদ্ৰ ব্যৱসায়ী শিৱ বৰাকো সম্বৰ্ধনা জনোৱা হয় উক্ত অনুষ্ঠানত। উল্লেখ্য যে উক্ত সাংস্কৃতিক সন্ধ্যাত স্থানীয় শিশু, কিশোৰ-কিশোৰীসকলে নৃত্য-গীত পৰিৱেশন কৰাৰ লগতে গহপুৰৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী মন্টুমণি শইকীয়াই গীত পৰিৱেশ কৰি সকলোকে আপ্লুত কৰে।

ৰঙালী বিহু গহপুৰ