ব্ৰহ্মপুত্ৰৰ ৰাংছালী-বেদেতীঘাটত দুটা মৃতদেহ উদ্ধাৰ

ব্ৰহ্মপুত্ৰৰ ৰাংছালী-বেদেতীঘাটত দুটা মৃতদেহ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
ব্ৰহ্মপুত্ৰৰ ৰাংছালী-বেদেতীঘাটত দুটা মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, বিহালীঃ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ নদীৰ ৰাংছালী জুৰীয়া ঘাট আৰু বেদেতী নদী ঘাটত পৃথকে পৃথকে দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে পুৱা মাছমৰীয়াই মাছ মাৰিবলৈ যোৱাৰ সময়তে প্ৰথমটো জুৰীয়া ঘাটত, আনটো বেদেতী নদী ঘাটত প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।

Advertisment

ইয়াৰ পিছতে অঞ্চলটোত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঘটনাস্থলীত বিহালী আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে।

জানিব পৰা মতে মৃতদেহ দুটাৰ এটা পুৰুষৰ আৰু আনটো মহিলাৰ। উভয়ে বটিয়ামাৰী অঞ্চলত কাৰোবাৰ চাহ বাগিচাত কৰ্মৰত আছিল।

দেওবাৰে ব্ৰহ্মপুত্ৰ নদীত মাছ ধৰিবলৈ গৈ মৃত্যুৰমুখত পৰিব পৰে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান বিহালী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

Also Read: লখিমপুৰত লোমহৰ্ষক কাণ্ড : পত্নীহন্তা স্বামীয়ে ল’লে চৰমপন্থা

brahmaputra bihali