/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/687c878e-ef3b-4931-a0b0-abd065bef8e7/Khanmukh.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : বৃহত্তৰ খনামুখ অঞ্চলৰ সামাজিক অনুষ্ঠান জীয়া ভৰলী ফাউণ্ডেশ্যনৰ উদ্যোগত বুধবাৰে জামুগুৰিহাটৰ সমীপৰ খনামুখৰ ওঠৰ মাইল স্থিত ৰাজহুৱা নামঘৰ প্ৰাংগনত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ এই কাৰ্যসূচীৰ আতঁধৰে ওঠৰ মাইল অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী মুকুন্দ দেয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1c8de884-bb8b-482d-9825-8aaa1e36156c/b35b3aa4_02be_433c_a76d_9d9a2177ca67.jpg)
জীয়া ভৰলী ফাউণ্ডেশ্যনৰ উদ্যোগত বিগত ৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বৃহত্তৰ খনামুখ আৰু ৰঙাজান অঞ্চলত বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰাৰ পিছত বুধবাৰে পুনৰ এই বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয় ৷ উল্লেখযোগ্য ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যজুৰি বৃক্ষৰোপণৰ জৰিয়তে “গ্ৰীন অসম ক্লীন অসম” শ্লগান লৈ সেউজী বিপ্লৱৰ সূচনা কৰিব বিচৰাৰ সময়ত এই সামাজিক অনুষ্ঠানটিৰ জৰিয়তে আগন্তুক ২ অক্টোবৰ পৰ্যন্ত এই কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰৰ উদ্দেশ্যত কিঞ্চিত হ'লেও সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে জীয়া ভৰলী ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তাসকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/cd7818aa-7b15-414d-a560-10dbd562b82b/6324e288_560b_4d55_91ae_1e1d9f8694d1.jpg)
এই অনুষ্ঠানত সামাজিক ফাউণ্ডেশ্যনৰ মোহন উপাধ্যায়, ৱাল্টৰ ছয়, জোনটি নৰহ, হৰেন নাথ, পদেশ্বৰ মিলি, জিতেন তালুকদাৰ, জাফৰ আলী, ৰাজু চহৰীয়াসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
Also Read: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা প্ৰত্যাহাৰকলৈ প্ৰতিক্ৰিয়া আছু-বড়ো সাহিত্য সভাৰ...