/asomiyapratidin/media/media_files/2025/05/17/r8MG6Z5SwwGeDvHBec2h.jpg)
ডিজিটেল ডেস্কঃ চতিয়াৰ বিভিন্ন অঞ্চলৰ পৰা সঘনাই গোহালিৰ পৰা গৰু চুৰি হোৱাৰ ঘটনাই সাধাৰণ গো-পালকসকলৰ নিদ্ৰাহৰণ কৰি আহিছে। আগ দিনাসন্ধিয়া আথে-বেথে গোহালিত বান্ধি থোৱা গৰু পিছদিনা পুৱা গোহালিত নেদেখিলে, চোৰে গোহালি উদং কৰিলে সাধাৰণ কৃষক, গো-পালক তথা সাধাৰণ পৰিয়ালৰ কেনে পৰিস্থিতিৰ সৃষ্টি হয় সেয়া ভাষাৰে বুজাব নোৱাৰি।
কিন্তু চতিয়াত যোৱা সময়ছোৱাত বহু কেইগৰাকী গো-পালকে এনে অভিজ্ঞতাৰেই সন্মুখীন হ’বলগীয়া হৈছে। আগদিনা গোহালিত বান্ধি থোৱা গৰু নিশাই চোৰে লৈ গোহালি উদং কৰি থৈ গৈছে। এনে পৰিপ্ৰেক্ষিতত গৰু চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈ আহিছিল।
তাৰ মাজতেই চতিয়া আৰক্ষীয়ে অতি সক্ৰিয়তাৰে গৰু চোৰৰ বিৰুদ্ধে আৰম্ভ কৰে অভিযান। এনে অভিযানতে চতিয়া আৰক্ষীয়ে ঘাঁহিগাঁৱত এটা বৃহৎ কচাই খানা উৎখাত কৰে। তাৰ পিছত শুকুৰবাৰে নিশা দৰং জিলাৰ খাৰুপেটিয়া আৰু বেছিমাৰীৰ মুজাম্মিল হক, ছাফিকুল ইছমাইল আৰু ইছমাইল আলি নামৰ তিনি গভাইত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীয়ে চলোৱা জেৰাত দৰঙৰ এই গৰু চোৰ কেইটাই চতিয়াৰ পৰা গৰু চোৰ কৰাৰ কথা স্বীকাৰ কৰাৰ লগতে এই চোৰাং গৰু সমূহ আন্তঃৰাষ্ট্ৰীয় গো-সৰবৰাহকাৰীৰ হাতত গতাই দিয়াৰ কথাও স্বীকাৰ কৰে বুলি জানিব পৰা গৈছে। চতিয়া আৰক্ষীৰ এনে তৎপৰতাক শলাগ লৈছে ভিন্নজনে।