/asomiyapratidin/media/media_files/2025/05/12/bW2xFgGNsR0oHLfmGcNt.jpg)
ডিজিটেল সংবাদ জামগুৰিহাটঃ জামুগুৰিহাটৰ খাদৈ চুক গাঁৱত নদুৱাৰ আঞ্চলিক যোগী সন্মিলনীৰ শতবৰ্ষ অনুষ্ঠানৰ আজি শুভাৰাম্ভ কৰা হয়৷ এই উদ্দেশ্যৰে আজি পুৱা পানীতোলা কাৰ্যসূচীৰে শতবৰ্ষ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়৷
পুৱা সহস্ৰাধিক মহিলাই কলহত পানী ভৰাই প্ৰায় দুইকিলোমিটাৰ পথ ভক্তি গীত পৰিৱেশন কৰি এই পানীতোলা কাৰ্যসূচী সম্পন্ন কৰাৰ পাচতেই শতবৰ্ষ অনুষ্ঠানৰ পতাকা উত্তোলন কৰা হয়৷ পতাকা উত্তোলন কৰে নদুৱাৰ আঞ্চলিক নাথ যোগী সন্মিলনী শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি তথা নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷
পতাকা উত্তোলনৰ পাচতেই খাদৈচুক নামঘৰত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত এখনি অভিনন্দন অনুষ্ঠানৰো আয়োজন কৰা হয়৷ ২৩ মে’ত শতবৰ্ষ শুভাৰম্ভ অনুষ্ঠানৰ সামৰণি পৰাৰ লগতে দেশৰ যুদ্ধৰ বিভিষিকাময় পৰিৱেশলৈ লক্ষ্য ৰাখি শতবৰ্ষ শুভাৰাম্ভনিৰ সকলো কাৰ্যসূচী বাতিল কৰা বুলিও উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷