কলকাতাৰ 'চাইন এণ্ড টাজ স্পাৰ্কলিং স্কাই' প্ৰতিযোগিতাত বিজয়ী তেজপুৰৰ বোৱাৰী

কলকাতাৰ 'চাইন এণ্ড টাজ স্পাৰ্কলিং স্কাই' প্ৰতিযোগিতাত বিজয়ী তেজপুৰৰ বোৱাৰী প্ৰতিমা দাস

author-image
Asomiya Pratidin
New Update
কলকাতাৰ 'চাইন এণ্ড টাজ স্পাৰ্কলিং স্কাই' প্ৰতিযোগিতাত বিজয়ী তেজপুৰৰ বোৱাৰী

ডিজিটেল সংবাদ, শোণিতপুৰঃ শোণিতপুৰ জিলাৰ উষানগৰী তেজপুৰৰ বোৱাৰী প্ৰতিমা দাসৰ বৃহৎ সাফল্যৰ বাবে তেওঁক অভিনন্দন জনাই সম্বৰ্দ্ধনা জ্ঞাপন কৰে তেজপুৰ গকাডেমীৰ প্ৰাক্তন সতীৰ্থ সকলে। তেজপুৰ দাৰিকীয়াল গাঁও নিবাসী প্ৰতিমা দাসে কলকাতাত অনুষ্ঠিত চাইন এণ্ড টাজ স্পাৰ্কলিং স্কাই সৌন্দৰ্য্য প্ৰতিযোগিতাত ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ বিজয়ী খিতাপ পাবলৈ সক্ষম হৈছিল।

Advertisment

প্ৰতিযোগিতাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা সমবেত হোৱা বহু প্ৰতিযোগীক হৰুৱাই সফলতা অৰ্জন কৰা প্ৰতিমা দাসৰ এই সাফল্যত গৌৰাৱান্বিত তেজপুৰবাসীয়ে দেওবাৰে তেজপুৰ কলিয়াভোমোৰা দলঙৰ কাষতে অৱস্থিত Pine Yard Hotel ত তেজপুৰৰ বিশিষ্ট যুৱ সমাজকৰ্মী নেকিব আহমেদে আঁত ধৰা এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত তেজপুৰ একাডেমীৰ প্ৰাক্তন সতীৰ্থ মঞ্চৰ তৰফৰ পৰা সৌন্দৰ্য্য প্ৰতিযোগীতাত বিজয় মুকুট পিন্ধা তেজপুৰৰ বোৱাৰী প্ৰতিমা দাসক অভিনন্দন জনাই ফুলাম গামোছা, পিতলৰ জাপি, শৰাই, সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপাৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

উক্ত অনুষ্ঠানত তেজপুৰ একাডেমীৰ প্ৰাক্তন সতীৰ্থসকল বহু বছৰৰ পিছত সকলো একেলগ হোৱাত পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন কৰে৷ তেজপুৰৰ উদিয়মান কন্ঠশিল্পী ধ্ৰুৱ ভৰদ্বাজৰ সংগীতানুষ্ঠানে সকলোৰে মন জয় কৰিবলৈ সক্ষম হয় ।

'চাইন এণ্ড টাজ স্পাৰ্কলিং স্কাই