ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘণ্য হত্যাকাণ্ড। এগৰাকী মহিলাক হত্যা কৰি পুতি থলে এজন ব্যক্তিয়ে। এই ঘটনা সংঘটিত হৈছে তেজপুৰত। জানিব পৰা মতে তেজপুৰৰ চানমাৰি ৰে'ল গেটৰ সমীপত সংঘটিত হৈছে এই হত্যাকাণ্ড।
হত্যাকাণ্ড সংঘটিত কৰা লোকজনৰ নাম ৰাজু আইচ। ৰাজুৰ ঘৰতে বনকৰা হিচাপে আছিল এগৰাকী মহিলা। এই বনকৰা মহিলাগৰাকীক হত্যা কৰি নিজৰ ঘৰৰ চৌহদতে পুতি থৈছিল তেওঁৰ মৃতদেহ।
জানিব পৰা মতে ৰাজু আইচ পেচাত এগৰাকী ই ৰিক্সা চালক। দিনটোৰ অধিকাংশ সময় তেওঁ সুৰাৰ ৰাগীত মাতাল হৈ থাকে। ইফালে বনকৰা মহিলাগৰাকী কিমান দিনৰ পৰা তেওঁৰ বাসগৃহত আছিল সেই বিষয়ে এই পৰ্যন্ত কোনো তথ্য লাভ কৰা নাই।
স্থানীয় লোকেও সঠিককৈ ক'ব পৰা নাই মহিলাগৰাকী কিমান দিনৰ পৰা ৰাজুৰ ঘৰত আছিল। ইফালে ৰাজুৰ পত্নীয়েও তেওঁক ত্যাগ কৰি মাতৃগৃহলৈ ঘূৰি গৈছে। আনুমানিক ৩ ৰ পৰা ৪ দিন পূৰ্বে এই মহিলাগৰাকীক হত্যা কৰি এইদৰে পুতি থৈছিল।
স্থানীয় লোকে এই ৰাজু আইচ নামৰ হত্যাকাৰীটোক মানসিক ভাৱে ভাৰসাম্যহীন বুলিও ক'ব বিচাৰে। কিয়নো তেওঁ স্থানীয় লোকৰ সৈতে অনবৰত কাজিয়াত লিপ্ত হৈ আহিছিল। স্থানীয় লালমাটি আৰক্ষী থানাই ৰাজু আইচক গ্ৰেপ্তাৰ কৰাৰ উপৰিও গাত খান্দি মৃতদেহ উদ্ধাৰ কৰিছে।