চৰকাৰৰ চৰম অৱহেলাঃ তিনি বছৰে অসম্পূৰ্ণ তেজপুৰ জিলা পুথিভঁৰালৰ মেৰামতিৰ কাম

ঐতিহ্যমণ্ডিত তেজপুৰ জিলা পুথিভঁৰালৰ চাৰিওদিশ বৰ্তমান ঘন জংঘল আৰু আৰ্ৱজনাৰে ভৰি পৰাৰ পিছতো আজিকোপতি পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত কোনোব্যৱস্থা গ্ৰহণ কৰা মুঠেই পৰিলক্ষিত হোৱা নাই৷

author-image
Asomiya Pratidin
New Update
চৰকাৰৰ চৰম অৱহেলাঃ তিনি বছৰে অসম্পূৰ্ণ তেজপুৰ জিলা পুথিভঁৰালৰ মেৰামতিৰ কাম

ডিজিটেল সংবাদ, তেজপুৰঃ বিজেপি চৰকাৰৰ শাসনকালত অসমত সৰ্বত্ৰে ব্যাপক উন্নয়ন হোৱা বুলি একাংশ মন্ত্ৰী বিধায়কে বিগত দিন ধৰি ৰাজহুৱা সভা সমিতিয়ে ঘোষণা কৰি আহিছে৷ এনে সময়তে তেজপুৰৰ জিলা পুথিভঁৰালৰ মেৰামতিৰ নামত ৰাজ্য চৰকাৰে তিনি বছৰে দেখুৱাই অহা হেমাহি আৰু গুৰুত্বহীনতাই একপ্ৰকাৰৰ উন্নয়নৰ স্বৰূপটোকে সম্পূৰ্ণৰূপে উদঙাই দিছে৷ ইমানেই নহয় ঐতিহ্যমণ্ডিত তেজপুৰ জিলা পুথিভঁৰালৰ চাৰিওদিশ বৰ্তমান সময়ত ঘন জংঘল আৰু আৰ্ৱজনাৰে ভৰি পৰাৰ পিছতো আজিকোপতি পৰিস্কাৰ-পৰিছন্ন কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা মুঠেই পৰিলক্ষিত হোৱা নাই৷

Advertisment

উল্লেখ্য যে তেজপুৰ চহৰৰ মাজ মজিয়াত অৱস্থিত জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহতেই সুদীৰ্ঘ দিনে বিভিন্ন দল সংগঠনৰ লগতে অনুষ্ঠান, প্ৰতিষ্ঠানৰ সভা-সমিতি অনুষ্ঠিত হৈ আহিছিল৷ কিন্তু পুথিভঁৰালটোৰ পুনৰ মেৰামতি তথা আন্তঃগাঁথনিৰ উন্নয়নৰ নামত বিগত তিনি বছৰ ধৰি চৰকাৰ তথা প্ৰশাসনে পুথিভঁৰালটোৰ প্ৰেক্ষাগৃহ বন্ধ কৰি ৰখাৰ ফলতেই সভা-সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ৰাইজ ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছে৷

আশ্চৰ্যজনক বিষয় এইয়ে যে,তেজপুৰ তথা সমগ্ৰ শোণিতপুৰৰ ভিতৰত তেজপুৰ জিলা পুথিভঁৰালটোতে সৰ্ববৃহৎ প্ৰেক্ষাগৃহ আছে। সেই অনুসৰি তেজপুৰৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে ৰাজ্যিক ভিত্তিত সভা-সমিতি আৰু আলোচনা চক্ৰ আদি পুথিভঁৰালটোত অনুষ্ঠিত হৈ আহিছিল৷

এইক্ষেত্ৰত ৰাজ্য চৰকাৰে পুথিভঁৰালটোৰ উন্নয়নৰ হেতু অনুমোদন জনোৱা কেইবাকোটি টকাৰে আঁচনিৰ কাম আৰম্ভ কৰাৰ হেতু আজিৰ পৰা তিনি বছৰ পূৰ্বেই পুথিভঁৰালটোত সভা-সমিতি অনুষ্ঠিত কৰা কাৰ্য বন্ধ কৰি ৰাখে৷ অভিযোগ মতে জিলা পুথিভঁৰালটোৰ মেৰামতিৰ কাৰণে ৰাজ্য চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষত ২ কোটিৰো অধিক টকা অনুমোদন দিছিল৷

ইয়াৰ পিছতেই চৰকাৰী নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ গৃহ বিভাগ তেজপুৰৰ প্ৰাককলন মতে পুথিভঁৰালটোৰ ভিতৰে বাহিৰে সকলো মেৰামতিৰ কাম ৰূপায়ন কৰাৰ হেতু কোনো ঠিকাদাৰক দায়িত্ব দিয়ে৷ কিন্তু চৰকাৰে সময়মতে মেৰামতিৰ কামৰ বিপৰীতে অনুমোদিত ধন সঠিকভাৱে মোকলাই নিদিয়াত কাম স্থবিৰ হৈ পৰে৷

ইয়াৰ ফলস্বৰূপে তেজপুৰৰ লগতে জিলাখনৰ অনুষ্ঠান- প্ৰতিষ্ঠান আদিয়ে সভা-সমিতি আৰু আলোচনা চক্ৰ আদি অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰেক্ষাগৃহ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে ৷ কিন্তু সকলো দেখি-শুনিও চৰকাৰে তেজপুৰ জিলা পুথিভঁৰালৰ মেৰামতিৰ কাম খৰটকীয়াকৈ সম্পন্ন কৰাত কোনো গুৰুত্ব নিদিয়াৰ ফলতেই ৰাইজ তথা অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দলসংগঠন সম্প্ৰতি ব্যাপক সমস্যাত পৰিছে৷

জানিব পৰা মতে, প্ৰেক্ষাগৃহটোৰ ভিতৰত থকা পুৰণি চকীসমূহ আঁতৰাই নতুন চকী স্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও আজিলৈকে নতুন চকী স্থাপন কৰা নাই ৷ ইফালে পুথিভঁৰালটোৰ মেৰামতি কৰাৰ ক্ষেত্ৰত ঠিকাদাৰে প্ৰেক্ষাগৃহৰ সন্মুখৰ বহু অংশত বান্ধি থোৱা বাঁহৰ বাবে দেখাত অশুৱনি হৈ পৰাৰ পিছতো কামটো সোনকালে সম্পন্ন কৰাৰ ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰা নাই৷

একেদৰে জিলা পুথিভঁৰালটোৰ সমগ্ৰ চৌহদ এলেকা বৰ্তমান সময়ত ঘন জংঘল আৰু লেতেৰা আৱৰ্জনা আদিৰে ভৰি পৰাৰ পিছতো সেইবোৰ পৰিস্কাৰ কৰাত প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এইক্ষেত্ৰত ৰাইজে জিলা পুথিভঁৰালৰ মেৰামতিৰ কাম অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি তোলাৰ লগতে চৌহদটো পৰিস্কাৰ কৰিবৰ কাৰনেও দাবী জনাইছে৷ উল্লেখ্য যে দিনৌ জিলা পুথিভঁৰাললৈ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ লগতে যথেষ্ট সংখ্যক পাঠকৰো আগমন ঘটে।

তেজপুৰ পুথিভঁৰাল