কৰম পূজাৰ বন্ধক লৈ চাহ শ্ৰমিকক চৰম অপমান চৰকাৰৰ !

কৰম পূজাৰ বন্ধক লৈ চাহ শ্ৰমিকক চৰম অপমান চৰকাৰৰ !

author-image
Asomiya Pratidin
New Update
কৰম পূজাৰ বন্ধক লৈ চাহ শ্ৰমিকক চৰম অপমান চৰকাৰৰ !

কৰম পূজাৰ বন্ধক লৈ চাহ শ্ৰমিকক চৰম অপমান চৰকাৰৰ !

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ কৰম পূজাৰ দিনটোত চৰকাৰী বন্ধ ঘোষণা কৰি বাগিছাৰ কাম-কাজ বন্ধ ৰখাৰ অনুমতি প্ৰদান কৰা আৰু ইয়াৰ পৰিৱৰ্তে কোনো এটা বন্ধৰ দিনত শ্ৰমিকসকলে কাম কৰিব লাগিব অন্যথা এটা দিনৰ মজুৰি শ্ৰমিকসকলে নাপাব বুলি কোৱাত জাঙুৰ খাই উঠিছে চাহ শ্ৰমিক ৰাইজ।

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আজি অসম চহমজদুৰ সংঘৰ দিকৰাই প্ৰাথমিক গোটৰ উদ্যোগত চাহ শ্ৰমিক ৰাইজৰ সহযোগত দিকৰাই চাহ বাগিছাত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। অসম চাহ মজদুৰ সংঘ আৰু চাহ শ্ৰমিকসকলে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰে ৷

চাহ শ্ৰমিক ৰাইজৰ দাবী অনুসৰি কৰম পূজা উৎসৱৰ দিনটোত প্ৰাপ্য মজুৰিসহ ছুটি ঘোষণা কৰক।চাহমজদুৰ সংঘৰ দিকৰাই প্ৰাথমিক গোটৰ উদ্যোগত শ্ৰমিকসকলে চৰকাৰৰ হঠকাৰী সিদ্ধান্ত অতিশীঘ্ৰে বাতিল কৰাৰ হুংকাৰ প্ৰদান কৰে অন্যথা জংগী আন্দোলন গঢ়ি তুলিব বুলি ভাবুকি দিয়ে ৷

Also Read: আজি বিশ্বকৰ্মা পূজা

চাহ শ্ৰমিক