জামুগুৰিহাটৰ তক্সিলা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক অত্যাধুনিক কৌশলৰে শিক্ষাদান

 জামুগুৰিহাটৰ তক্সিলা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক  অত্যাধুনিক  কৌশলৰে শিক্ষাদান

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ তক্সিলা (TAXILA SCHOOL) বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে কণ কণ ছাত্ৰ-ছাত্ৰীক অত্যাধুনিক কৌশলৰে শিক্ষাদান কৰা দেখি শৈক্ষিক মহলৰ দ্বাৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

জামুগুৰিহাটৰ উত্তৰাঞ্চল ধলাইবিলৰ অতি ভিতৰুৱা ২নং বৰপথাৰ গাঁৱৰ নিৰাপদ স্থানত বিগত বৰ্ষত স্হাপন কৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয় খনে শৈক্ষিক জগত খনত এক বিশেষ স্থানত দখল কৰিবলৈ সক্ষম হৈছে৷ বিদ্যালয়খনত বহুকেইগৰাকী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক শিক্ষয়িত্ৰীয়ে যোগদান কৰি কণ কণ ছাত্ৰ-ছাত্ৰী সকলক উপযুক্ত শিক্ষা দানৰ ব্যৱস্থা কৰিছে৷

বিদ্যালয় খনৰ শৈক্ষিক মানদণ্ড যথেষ্ট উন্নত বুলি জানিব পাৰি সম্প্ৰতি অঞ্চলটোৰ অভিভাৱক সকলে নিজৰ সন্তান তক্সিলা বিদ্যালয়ত নামভৰ্তি কৰা পৰিলক্ষিত হৈছে৷ কণ কণ ছাত্ৰ-ছাত্ৰী সকলেও তেওঁলোকৰ শিক্ষাগুৰুৱে মৰম চেনেহৰ মাজেৰ শিক্ষাদান কৰাৰ বাবেই বিদ্যালয়ৰ খনৰ প্ৰতি বিশেষভাবে আকৃষ্ট হৈছে৷

 জামুগুৰিহাটৰ তক্সিলা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক  অত্যাধুনিক  কৌশলৰে শিক্ষাদান
মহানগৰীত উদ্ধাৰ কিশোৰীৰ মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in