জামুগুৰিহাটত 'সুন্দৰম'ৰ উদ্যোগত চাইকেল চালনা প্ৰতিযোগিতা

জামুগুৰিহাটত 'সুন্দৰম'ৰ উদ্যোগত চাইকেল চালনা প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত 'সুন্দৰম'ৰ উদ্যোগত চাইকেল চালনা প্ৰতিযোগিতা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান সুন্দৰম সাংস্কৃতিক গোষ্ঠীয়ে ৪৩ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী ৷ এই উদ্দেশ্যৰে মঙলবাৰে পুৱা চাইকেল চালনা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷

Advertisment

এই প্ৰতিযোগিতাত অঞ্চলটোৰ অৰ্দ্ধ শতাধিক ১৫ বছৰ উৰ্ধৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে অহা ১৮ নবেম্বৰত স্থানীয় বাপুজী ভৱনত “মহাত্মাৰ আত্মা” নামেৰে এখন পূৰ্ণাংগ নাটো মঞ্চস্থ কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷

Also Read: কবিৰাজী চিকিৎসাৰ নামত নিৰ্মম প্ৰহাৰ : অন্ধবিশ্বাসৰ বলি হৈ মৃত্যু এমহীয়া শিশুৰ

jamugurihat