চতিয়াৰ দেলাইশ্ৰীৰ সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ ৰূপালী জয়ন্তীৰ সফল সামৰণি...

সাংস্কৃতিক সন্ধিয়াত হাজাৰ হাজাৰ দৰ্শকৰ হৃদয় জিনিলে জংথী দৈমাৰীয়ে

author-image
Asomiya Pratidin
New Update
চতিয়াৰ দেলাইশ্ৰীৰ সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ ৰূপালী জয়ন্তীৰ সফল সামৰণি...

চতিয়াৰদেলাইশ্ৰীৰ সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূঁজাৰ ৰূপালী জয়ন্তীৰ সফল সামৰণি...

ডিজিটেল সংবাদ জামগুৰিহাটঃ চতিয়াৰ বালিজুৰিৰ দেলাইশ্ৰীত সাৰ্ব্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূঁজাৰ ৰূপালীজয়ন্তী বৰ্ষ চাৰি দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। প্ৰথম দিনাৰ কাৰ্যসূচী শুভ উদ্বোধন কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে৷

Advertisment

ৰূপালী জয়ন্তী উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল প্ৰতিযোগিতাৰ লগতে , আকস্মিক বক্তৃতা, কুইজ আৰু গীত-নৃত্যৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয়৷ ইয়াৰ মাজতে কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৰ্ষিয়ান নাগৰিক সকলকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

শুকুৰবাৰে শেষৰ দিনা অনুষ্ঠিত বাৰেবৰণীয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত বড়ো জনগোষ্ঠীৰ যুৱক-যুৱতীসকলে পৰিবেশন কৰা বিভিন্ন গীত, নৃত্যৰ অনুষ্ঠানৰ পিছত নিশাৰ সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিবেশন কৰে ওদালগুৰি জিলাৰ জনপ্ৰিয় কন্ঠ শিল্পী জংথী দৈমাৰীয়ে।

উদাযাপন সমিতিৰ সভাপতি চুৰেণ ব্ৰহ্ম আৰু সম্পাদক হাকিম বসুমতাৰীয়ে ৰূপালী জয়ন্তীৰ সমূহ কাৰ্য্যসুচীত অংশগ্ৰহণকাৰী সকলো শ্ৰেণীৰ ৰাইজৰ প্ৰতি ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

Also Read: USTM ৰ ৬২ বিদ্যাৰ্থী জিলিকিল UGC-NET ত: বিশ্ববিদ্যালয়ে ঘূৰাই দিব মাচুুল...

জামুগুৰিহাট চতিয়া লক্ষ্মী পূজা