টুলুঙা নাৱত উঠি বিপদসংকুলভাৱে বিদ্যালয়লৈ অহা-যোৱা শ শ ছাত্ৰ-ছাত্ৰীৰ

টুলুঙা নাৱত উঠি বিপদসংকুলভাৱে বিদ্যালয়লৈ অহা-যোৱা শ শ ছাত্ৰ-ছাত্ৰীৰ

ডিজিটেল সংবাদ, বিশ্বনাথঃ যি সময়ত ৰাজ্য চৰকাৰখনে সমগ্ৰ ৰাজ্যতে সুগম বাট পথৰ কথা কৈ নিজৰ জয়ঢোল বজাই আছে সেই সময়তে বিশ্বনাথত টুলুঙা নাৱত উঠি দৈনিক বিদ্যালয়লৈ অহা-যোৱা কৰিব লগা হৈছে শ শ ছাত্ৰ-ছাত্ৰীয়ে।

বিশ্বনাথৰ চোটপামৰ জিনজিয়া নলাটোৰ দক্ষিণপাৰে থকা চিলামাৰী আৰু তাৰ কাষৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে নলাটোৰ উত্তৰ পাৰে থকা বিদ্যালয়লৈ আহিবলৈ নিতৌ টুলুঙা নাৱত উঠি বিপদসংকুল ভাৱে যাত্ৰা কৰিব লাগে। আনকি প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে দৈনিক ১০ টকাকৈ ভাড়া দিব লাগে নাৱৰীয়াক।

ইফালে জানিব পৰা মতে, এইদৰে বিপদজনকভাৱে যত্ৰা কৰাৰ ফলত বহুবাৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী নাৱৰ পৰা নলাত পৰি দুৰ্ঘটনাগ্ৰস্তও হৈছে। অৱশ্যে অভিজ্ঞ নাৱৰীয়া তথা স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰতিবাৰেই নলাত পৰা ছাত্ৰ ছাত্ৰীক মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰা হৈছে।

কিন্তু ইমানৰ পিছতো গা লৰা নাই জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষৰ। পূৰ্বতে পঞ্চায়তৰ পৰা দুবাৰমান বাঁহৰ দলং নিৰ্মাণ কৰি দিছিল যদিও সেইয়া দীৰ্ঘম্যদী নহ'ল। আনকি কেইবাবাৰো স্থানীয় ৰাইজে নিজাববীয়াকৈয়ে নিৰ্মাণ কৰি লৈছিল বাঁহৰ দলং। কিন্তু বাৰিষা আহিলেই বাঢ়নী পানীয়ে উটুৱাই লৈ যায় বাঁহৰ দলং।

সেয়েহে এতিয়া স্থানীয় ৰাইজ তথা ছাত্ৰ-ছাত্ৰীয়েসকলে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এখন পকী দলঙৰ বাবে অনুৰোধ জনাইছে। যদিহে উক্ত অঞ্চলত শীঘ্ৰেই দলঙৰ ব্যৱস্থা কৰা নহয় তেন্তে যিকোনো মুহুৰ্ততে ভয়াবহ দূৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি ব্যক্ত কৰে স্থানীয় ৰাইজে।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in