জামুগুৰিহাটত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন অনুষ্ঠান সম্পন্ন

অনুষ্ঠানটিত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা ১২গৰাকী মেধাবী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হয়। 

author-image
Asomiya Pratidin
New Update
b

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  পূব জামুগুৰি গোৰ্খা বিশ্বকৰ্মা আঞ্চলিক সমিতিৰ উদ্যোগত জামুগুৰিহাটৰ দীপাটোলাত আজি কৃতী ছাত্ৰ-ছাত্ৰীক সাদৰ অভিনন্দন জনোৱাৰ এক অনুষ্ঠান আয়োজন কৰে।

Advertisment

দীপাটোলা কল্যাণ সমিতিৰ সহযোগত আয়োজিত অনুষ্ঠানটিত সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ সুনাম কঢ়িয়াই অনা ১২গৰাকী মেধাবী ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

দীপাটোলা হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই অভিনন্দন অনুষ্ঠানটিত গোৰ্খা বিশ্বকৰ্মা সমাজৰ বিষয়ববীয়া সকলৰ লগতে আঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী হোমনাথ ছেত্ৰী ,নিত্যানন্দ দাসে ও অংশগ্ৰহণ কৰি কৃতী ছাত্ৰ-ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যত কামনাৰে আশীৰ্বাদ প্ৰদান কৰে।

জামুগুৰিহাট