/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f9a8692e-02b6-4a6c-b73c-89ec03f566d3/399.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: পূব শোণিতপুৰ বন সংমণ্ডলৰ বৰগাং বনাঞ্চলিক বিষয়া কাৰ্য্যলয়ৰ আঞ্চলিক বন বিষয়া চক্ৰপানি ৰয়ে বুৰৈ শিল বালি মহলৰ পৰা ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। নিষ্ঠা আৰু সততাৰে কাৰ্য্যনিৰ্বাহ কৰা এইগৰাকী বনাঞ্চলিক বিষয়া চক্ৰপানি ৰয়ে বুৰৈৰ নৈৰ অবৈধ শিল বালি মহলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অহাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বিৰূদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে এটা অসাধু চক্ৰ।
অবৈধ শিল বালি মহলৰ পৰা শিল বালি কঢ়িওৱা বহু টেক্টৰ,ডাম্পাৰ আদি তেওঁ পথৰ পৰা জব্দ কৰি নিয়াৰ ফলতে তেওঁৰ বিৰুদ্ধে কুৎসা ৰচনা কৰিছে এটা দুষ্ট চক্ৰই।বিভাগীয় চালান কাটি সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে চলি আছে বুৰৈ নৈৰ পাঁচ নং শিল-বালি মহলটো।
এই মহলটো নিয়মবহিভূৰ্তভাৱে চলি অহা বুলি মিছা অভিযোগ উথাপন কৰা অসাধু চক্ৰটোৱে নিজৰ অভিষ্ট সিদ্ধিৰ বাবে মহলটোৰ সৈতে বনাঞ্চলিক বিষয়া চক্ৰপানি ৰয়ক মিছাকৈ জড়িত কৰি তেওঁৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলোৱাত অসাধু চক্ৰটোৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে স্থানীয় সচেতন ৰাইজ। নিজৰ ন্যাস্ত স্বাৰ্থৰ বাবে অনাহকত বন বিষয়াগৰাকীৰ ভাব মূৰ্তি জনমানসত হেয় কৰাৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে স্থানীয় ৰাইজ।
ইয়াৰোপৰি ৫ নং বুৰৈ শিল বালি মহলৰ মহলদাৰ বিষ্ণু দাসৰ লগতে মহলটোৰ সৈতে জড়িত সূৰ্য্য দাস,মাচি ভাইচা,কমল বসুমতাৰী আৰু তিলেশ্বৰ স্বৰ্গীয়াৰী প্ৰতিবাদ মুখৰ হৈ পৰিছে। উল্লেখযোগ্য উক্ত বুৰৈ নৈৰ ৫ নং শিল বালি মহলটো নিবিদাৰ জৰিয়তে লাভ কৰি যোৱা দুবছৰ ধৰি ৰাজহ আদায় দি চলাই আহিছে বিষ্ণু দাস আৰু তেওঁৰ সহযোগী সকলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8788b83b-843c-41b0-8848-5225785998a4/7a1347c6_8579_44f7_bd66_133ec950f1c6.jpg)
উক্ত মহলটোৰ বিপৰীতে এতিয়ালৈকে ৮টা কিস্তি বন বিভাগক আদায় দিয়া বুলি জানিবলৈ দিছে বিষ্ণু দাসে। তদুপৰি উক্ত মহলটোৰ সৈতে ঠিকাদাৰ ললিত আগৰৱালা কোনো প্ৰকাৰে জড়িত নহয় বুলিও স্পষ্ট কৰি দিছে বিষ্ণু দাসে।
যিহেতু ললিত আগৰৱালাৰ নিজা মাইনিং মহল আছে। এনেক্ষেত্ৰত বনাঞ্চলিক বিষয়া চক্ৰপানি ৰয় আৰু ৫ নং মহলটোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাত চক্ৰটোৰ বিৰূদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মহলদাৰ বিষ্ণু দাসৰ লগতে তাত জড়িত শ্ৰমিক-কৰ্মচাৰী সকলে। তদুপৰি উক্ত ৫ নং মহলটোত গধুৰ যন্ত্ৰাংশ ব্যৱহাৰ কৰাৰ অনুমতি আছে বুলিও তথ্য দাখিল কৰিছে মহলদাৰ বিষ্ণু দাসে।
Also Read: আছু নেতা দিব্যজ্যোতি মেধিসহ ৩ শতাধিকৰ বিজেপিত যোগদান : সকলোকে দললৈ আদৰণি মন্ত্ৰী পীযুষৰ
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us