সাৱধান হওঁক! শোণিতপুৰটো আটক ৯ জনকৈ বিত্তীয় প্ৰৱঞ্চক...

সাৱধান হওঁক! শোণিতপুৰটো আটক ৯ জনকৈ বিত্তীয় প্ৰৱঞ্চক...

author-image
Asomiya Pratidin
New Update
সাৱধান হওঁক! শোণিতপুৰটো আটক ৯ জনকৈ বিত্তীয় প্ৰৱঞ্চক...

ডিজিটেল সংবাদ,শোণিতপুৰঃ শোণিতপুৰ আৰক্ষীৰ জালত পৰা প্ৰৱঞ্চকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি। প্ৰৱঞ্চক কেইজনে ভুৱা আঁচনি দেখুৱাই বৃহৎ পৰিমাণৰ ধন সৰকোৱাৰ অভিযোগ উত্থাপন হৈছে। তেজপুৰৰ চন্দনা দেৱী, কমল কাৰ্কী, শান্তি দেৱী আৰু ধ্ৰুৱ বাচফৰক আটক কৰিছে আৰক্ষীয়ে।

Advertisment

তথ্য অনুসৰি,তেজপুৰৰ মুঢ়াতেতেলীৰ গিনি কেপিটেলৰ নামত ধন সৰকোৱা হেমেন ৰাভাৰ লগতে ৰঙাপৰাৰ ব্ৰজেন লিম্বু,চিন্ময় চাহানী,একেদৰে ঢেকীয়াজুলিৰ চৈফুল ইছলাম আৰু মিছামাৰীৰ আব্দুল কাদিৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বালিপৰাত FINO FINANCIAL বেংক নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি প্ৰৱঞ্চনাৰ জাল মেলিছিল তেজপুৰৰ ধ্ৰুৱ বাছফৰ নামৰ প্ৰৱঞ্চকজনে।

প্ৰায় শতাধিক গ্ৰাহকক ৭% টকা উভটাই দিম বুলি কেইবা লক্ষাধিক টকা সৰকাইছিল বাছফৰে। নিশা চাৰিদুৱাৰ আৰক্ষীয়ে বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰা আটক কৰে প্ৰৱঞ্চকজনক। এই সন্দৰ্ভত জিলাখনত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

Also Read: বটদ্রৱা থানত ভক্ত বৈষ্ণৱ-তীৰ্থযাত্রীক খোৱা পানী বিতৰণ

sonitpur trader