/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b151dd5b-b294-44b4-9e52-a871ec5979bf/road.jpg)
ডিজিটেল ডেস্ক: শোণিতপুৰৰ বালিপৰাৰ মিটচাপ্লাইত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা ১ মান বজাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে ডিজায়াৰ বাহন। যাৰ ফলত দুৰ্ঘটনাত থিতাতে নিহত হয় ৫ জনকৈ ব্যক্তি।
নিহত কেইজন ক্ৰমে গটংগাৰ দ্বীপেন বৰা, বালিপুখুৰীৰ ভাইকন পটংগীয়া, বেচেৰীয়াৰ বিদ্যুৎ নাথ, কাৱৈমাৰীৰ আকাশদ্বীপ বৰা আৰু ৰঙাপুখুৰীপাৰৰ বিশ্বজিৎ শইকীয়া।
বালিপৰাৰ পৰা তেজপুৰ দিশে গৈ আছিল বাহনখন।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
Also Read: এফালে জুই আনফালে বন্য জন্তুৰ বিচৰণ! শীতে লঠঙা কৰা কাজিৰঙাত উন্মনা ফাগুনৰ পৰশ