/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/bce10523-baee-4d35-99d8-a9dcc9a193f5/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ শোণিতপুৰৰ ৰঙাপৰাত ব্যৱসায়ীক ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল যুৱক। বিদ্রোহী সংগঠনৰ নামত ধন দাবী কৰাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে। যুৱকজন তেজপুৰ বেছেৰীয়াৰ বুলি জানিব পৰা গৈছে।
ৰঙাপৰা আৰক্ষীয়ে এখন বাইকসহ আটক কৰিছে অভিযোক্ত যুৱকজনক। উল্লেখ্য যে, ব্যৱসায়ীজনলৈ ধন দাবী পত্রৰ সৈতে এটা বন্দুকৰ গুলীও প্রেৰণ কৰিছিল যুৱকজনে। এই ঘটনাই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ।
Also Read: কলিয়াবৰত আনন্দ মেলাৰ নামত জুৱাৰ মেলাঃ চকু মুদা কুলিৰ ৰূপত আৰক্ষী