/asomiyapratidin/media/media_files/2025/02/07/KgMZbJI4wKeKs5SURaeJ.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ প্ৰবাসী ভাৰতীয়সকলক অমানৱীয় আৰু অন্যায় ভাৱে বিতাড়ন কৰাৰ বিৰুদ্ধে আৰু আমেৰিকা চৰকাৰৰ দ্বাৰা ভাৰতৰ ভাবমূৰ্তি ক্ষুণ্ণ কৰাৰ প্ৰতিবাদত আজি তেজপুৰ ৰাজীৱ ভৱনৰ পৰা জিলা আয়ুক্ত কায্যালয়লৈ শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷
এইক্ষেত্ৰত শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিদেশত থকা ভাৰতীয়সকলক সুৰক্ষা প্ৰদান কৰিব নোৱাৰা নৰেন্দ্ৰ মোদী চৰকাৰ হায়-হায়, বিদেশত থকা ভাৰতীয়সকলক সুৰক্ষা প্ৰদান কৰক, বিদেশত থকা ভাৰতীয়সকলৰ ওপৰত হোৱা অত্যাচাৰ সহ্য কৰা নহ’ব আদি ধ্বনি দি সমদলকাৰী কংগ্ৰেছকৰ্মীসকলে পৰিৱেশ উত্তাল কৰি তোলে৷
উল্লেখ্য যে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিৰ নেতৃত্ব ওলোৱা এই প্ৰতিবাদী সমদলে শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ পাছত কাৰ্যবাহী দণ্ডাধীশে আহি উল্লেখিত সমস্যাৰ সন্দৰ্ভত চৰকাৰক অৱগত কৰাৰ আশ্বাস দিয়াত প্ৰতিবাদী সমদল জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা উভতি যায়৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us