অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সভা সম্পন্ন

অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ এখন সাধাৰণ সভা আজি অনুষ্ঠিত হৈ যায়৷ সাধাৰন সভাখনৰ সভাপতিৰ আসন অলংকৃত কৰে নেৱাৰ সংগঠনৰ জিলা সমিতিৰ সভাপতি দিলীপ প্ৰধানে।  

author-image
Asomiya Pratidin
New Update
অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সভা সম্পন্ন

ডিজিটেল ডেস্কঃ অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ এখন সাধাৰণ সভা আজি অনুষ্ঠিত হৈ যায়৷ জামুগুৰিহাটৰ কাৰেং ধাবা সভাকক্ষত অনুষ্ঠিত সাধাৰন সভাখনৰ সভাপতিৰ আসন অলংকৃত কৰে নেৱাৰ সংগঠনৰ জিলা সমিতিৰ সভাপতি দিলীপ প্ৰধানে।  

Advertisment

অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ ৰাজ্যিক সমিতিৰ মুখ্য সচিব নীল কমল নেৱাৰ, অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলাৰ সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল প্ৰধান,  নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ অধিনৰ শাখা সমিতিসমূহৰ সভাপতি,  সম্পাদক আৰু আঞ্চলিক সমিতিসমূহৰ সভাপতি সম্পাদকসকলৰ লগতে অন্যান্য ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভা।

সভাই অহা ১৮ আৰু ১৯ এপ্ৰিলত দুদিনিয়াকৈ অনুষ্ঠিত হ'বলগা নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশন সন্দৰ্ভত বিস্তৃতভাবে আলোচনা কৰি এখন অভ্যৰ্থনা সমিতিও গঠন কৰে৷ জিলা অধিবেশনৰ অভ্যৰ্থনা সমিতিখনৰ সভাপতি হিচাপে সূৰ্য্য শ্ৰেষ্ঠ আৰু সম্পাদক হিচাপে ৰাজেন নেৱাৰক সৰ্ব সন্মতি ক্ৰমে নিৰ্বাচিত কৰে। 

আজিৰ সভাতেই গঠন কৰা হয় ৩১ জনীয়া সমিতিখন। নেৱাৰ সংগঠনৰ জিলা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশনখনিৰ লগত সংগতি ৰাখি নেৱাৰ যুৱকসকলৰ সামূহিক ব্ৰত বন্ধ আৰু যুৱতীসকলৰ সামূহিক বেল বিবাহ আদি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ আনহাতে সভাই সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰি ব্ৰত বন্ধ মাচুল ২৫০০ নিৰ্ধাৰণ কৰি দিয়ে৷

 

জামুগুৰিহাট জামুগুৰি