
ডিজিটেল সংবাদ, জামুগুৰিহাট: শোনিতপুৰ জিলাৰ খনামুখত ভয়ংকৰ পথ দুৰ্ঘটনা। খনামুখৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন বলেৰ' পিকআপৰ মাজত মুখামুখি সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে।
জামুগুৰিহাটৰ ৰঙাচকুৱা সাপ্তাহিক বজাৰৰ পৰা তেজপুৰ অভিমুখে গৈ থকা এ এচ-১২-এ চি-২৫৪২ নম্বৰৰ মালবাহী বলেৰ' পিকাপ আৰু বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা এ এচ-১২-বি চি-৯৪৫৩ নম্বৰৰ বলেৰ' পিকাপৰ মাজত মুখামুখি সংৰ্ঘৰ হয়।
এ এচ-১২-এ চি-২৫৪২ নম্বৰৰ বলেৰ পিকআপ গাড়ীখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কাষৰ পথাৰত বাগৰি পৰাত ৪ জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
উল্লেখ্য যে, আঘাতপ্ৰাপ্তসকলক ততাতৈয়াকৈ স্থানীয় ৰাইজে ১০৮ এম্বুলেঞ্চ সেৱাৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।