হাটশিঙিমাৰীত কৃত্ৰিম বান: জলমগ্ন চৰকাৰী কাৰ্যালয়...

হাটশিঙিমাৰীত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়-চৰকাৰী বাসভৱন সহ প্রতিটো কাৰ্যালয় জলমগ্ন...
হাটশিঙিমাৰীত কৃত্ৰিম বান: জলমগ্ন চৰকাৰী কাৰ্যালয়...

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : বিগত কিছুদিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত কৃত্ৰিম বানৰ সৃষ্টি হৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, চৰকাৰী বাসভৱন সহ প্ৰায় প্ৰতিটো চৰকাৰী কাৰ্যালয় এতিয়া কৃত্ৰিম বানৰ কবলত। বিশেষকৈ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু জিলা উপ-আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসভৱন সম্পূৰ্ণ জলমগ্ন হৈ পৰিছে।

ঘৰৰ ভিতৰত এবুকু পর্যন্ত পানী হোৱাৰ ফলত সপৰিয়ালে ঘৰ এৰি নিৰাপদ স্থানত স্থানান্তৰ হ'বলগীয়া হৈছে। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, চৰকাৰী বাসগৃহ আৰু খাৰুৱাবান্ধা আৰক্ষী চকীও জলমগ্ন হৈ পৰাত আৰক্ষীয়ে কাম কৰাত বাধাৰ সন্মুখীন হৈছে। ইফালে জিলা সদৰত থকা মানকাচৰ শিক্ষাখণ্ড বিষয়াৰ কাৰ্যালয়, জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়, জিলা মীন বিভাগৰ কাৰ্যালয়, জলসিঞ্চন বিভাগৰ কাৰ্যালয়তো কৃত্ৰিম বানে জলমগ্ন কৰি পেলাইছে।

উল্লেখ্য বৰষুণৰ লগতে মেঘালয়ৰ গাৰো পাহাৰৰ পৰা পানীৰ ঢল নামি অহাত হঠাৎ জিলাৰ সদৰ কৃত্ৰিম বানৰ কবলত পৰে। ইফালে জিলা সদৰৰ প্ৰায়বোৰ নলা অৰ্ধ নিৰ্মিত হৈ থকাৰ ফলত বৰষুণৰ পানী ওলাই যোৱাৰো বিকল্প ব্যৱস্থা নাই। ফলত বৰষুণ হ'লেই কৃত্ৰিম বানৰ কবলত পৰে স্থানীয় ৰাইজ।

হাটশিঙিমাৰীত কৃত্ৰিম বান: জলমগ্ন চৰকাৰী কাৰ্যালয়...
তিনি বিশিষ্টলৈ দিপিআৰচিৰ বিশেষ বঁটা ঘোষণা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in