হেলেম ৰে'লৱে ষ্টেচনত নিষিদ্ধ দ্ৰব্যসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী...

গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত হেলেম ৰে’লৱে ষ্টেচনত আজি এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ২৮ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ হয়।

author-image
Asomiya Pratidin
New Update
হেলেম ৰে'লৱে ষ্টেচনত নিষিদ্ধ দ্ৰব্যসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী...

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত হেলেম ৰেলৱে ষ্টেচনত আজি এগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ২৮ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ হয়। ড্ৰাগছ সৰবৰাহকাৰী লোকজন ঘাঁহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত নিৰ্মলা চাহ বাগিছাৰ ১০ নং লাইনৰ কমলেশ্বৰ মিশ্ৰৰ পুত্ৰ ভোলা মিশ্ৰ(২৮) বুলি জানিব পৰা গৈছে।

এক গোপন খবৰৰ ভিত্তিত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীবিষয়াপংকজ চিতলাৰ তত্বাৱধানত হেলেম আৰক্ষীৰ এটা দলে চলোৱা অভিযানত আজি বিয়লি প্ৰায় ৩ বজাত হাটে-লোটে গ্ৰেপ্তাৰ হয় ড্ৰাগছ সৰবৰাহকাৰী যুৱকজন। আৰক্ষীয়ে লোকজনক সোধা পোছা কৰি তালাচী চলোৱাত ২৮ টা কন্টেনাৰত প্ৰায় ৩২.৮ গ্ৰাম সন্দেহ যুক্ত হিৰ'ইন জব্দ কৰিবলৈ সক্ষম হয়।

হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ চিতলাই ধৃত ড্ৰাগছ সৰবৰাহকাৰী জনৰ বিৰুদ্ধে জামিন বিহীন ধাৰাত এক গোচৰ পঞ্জীয়ন কৰি যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অধিক তথ্য উদঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে, আৰক্ষী বিষয়া পংকজ চিতলাৰ নেতৃত্বত অৰুণাচলী মদ, ড্ৰাগছ, গাঞ্জাকে ধৰি অবৈধ ব্যৱসায়ৰ লগত জড়িত অসাধু চক্ৰৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত আছে অঞ্চলটোত।

ড্ৰাগছ বিৰোধী অভিযান গহপুৰ হেলেম