/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/17f79be1-6c33-4493-95d7-f23cd63a6c17/SIBUK_11.jpg)
নবি মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসলৈ নিৰ্বাচিত তথ্যচিত্ৰ 'চিবুক'...
ডিজিটেল সংবাদ তেজপুৰঃ নবি মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ-২০২৪ লৈ নিৰ্বাচিত হৈছে অসমীয়া তথ্যচিত্ৰ চিবুক। চিবুক হৈছে বাঁহেৰে নিৰ্মিত এখন বিশেষ ভুৰ যিখনত উঠি চাৰিজন সাহসী অসমীয়া যুৱকে এটা দুঃসাহসিক অভিযান সফল ৰূপত সমাধান কৰিবলৈ সক্ষম হৈছে ৷
চিবুকৰ যাত্ৰা আৰাম্ভ হৈছিল গোগামুখ লখিমপুৰৰ পৰা তেজপুৰলৈ। এই যাত্ৰা আছিল দহ দিনিয়া এক নিৰৱচিন্ন যাত্ৰা ৷ এই যাত্ৰাত চিবুকত ভাগ লোৱা অসমীয়া সাহসী যুৱকসকলে কোনো ধৰণৰ খাদ্য সম্ভাৰ লগত নিয়া নাছিল ৷
ইয়াৰ পৰিৱৰ্তে এই দহিদিনিয়া যাত্ৰা কালত তেওঁলোকে ব্ৰহ্মপুত্ৰ নদীত পোৱা সৰু-বৰ মাছপুঠি, কেঁকোৰা আৰু নদী পাৰত পোৱা শাকবন খাই জীৱন ধাৰণ কৰিছিল ৷ চিবুকে বিশাল ব্ৰহ্মপুত্ৰৰ কেইবা শ কিলোমিটাৰ ঠাই বাঁহেৰে সজোৱা বঠা আৰু গুৰিবঠা নিয়ন্ত্ৰণ কৰি নিৰ্দিষ্ট স্থানত উপনীত হ’বলৈ সক্ষম হৈছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f189ee35-83ff-4a1e-beef-d76b598388a7/ff08c5e2-d610-4f45-a8a0-5159fb6c098e.jpg)
ব্ৰহ্মপুত্ৰ নদীৰ বিশাল সোঁতক নিয়ন্ত্ৰণ কৰি চিবুকৰ দিশ সঠিক দিশত আগুৱাই নিয়াত অংশ লোৱা আটাইকেইজন যুৱকে সমানে দায়িত্বভাৰ গ্ৰহণ কৰিছিল ৷ অকল দিনৰ ভাগতেই নহয়, এটা মাত্ৰ কেৰাচিনৰ লেম্প ব্যৱহাৰ কৰা চিবুকখন তেওঁলোকে ৰাতিও চলাই নি নিৰ্দিষ্ট সময়ৰ ভিতৰত টাৰ্গেট কৰি লোৱা তেজপুৰ ঘাটত উপনীত কৰোৱাবলৈ সক্ষম হৈছিল ৷
এই যাত্ৰা কালত যুৱক চাৰিজনে জীৱনৰ বাবে ভালেমান অভিজ্ঞতা আহৰণ কৰিব পাৰিছিল ৷ এন্ধাৰ ৰাতিৰ আকাশ চাই চিবুকৰ দিশ নিৰ্ণয় কৰাটো যিমান কঠিন আছিল সিমান কঠিন আছিল বিশাল ব্ৰহ্মপুত্ৰৰ সোঁত নিয়ন্ত্ৰণ কৰি সঠিক দিশত আগুৱাই নিয়া।
এই চিবুক তথ্যচিত্ৰখনৰ কেমেৰাত সুদীৰ্ঘ যাত্ৰা কালৰ বহু আমোদজনক ঘটনা পৰিঘটনা বন্দি হৈছে ৷ যিসকলে এই তথ্যচিত্ৰখন চাব তেওঁলোকে উপভোগ কৰিবলৈ পাব বহু শিহৰণকাৰী দৃশ্য ৷ দহদিনিয়া যাত্ৰাৰ বাবে বাঁহেৰে বিশেষ কৌশল আৰু স্বকীয় পদ্ধতি ব্যৱহাৰ কৰি চিবুকক সজোৱা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b279dd87-d4b8-41e6-9319-f86113dba657/5ba25a3a-1bba-46b5-a0d0-cff5b9956844.jpg)
তথ্যচিত্ৰখনৰ পৰিকল্পনা আছিল ক্ৰমে ৰিচান দলে, শ্বেখৰ বৰদলৈ আৰু আশুতোষ কাশ্যপৰ ৷ প্ৰযোজনা আৰু কাৰ্যবাহী প্ৰযোজক হ’ল নিহাল ৰঞ্জন মেধীৰ ৷ সংগীত পৰিচালনা কৰিছিল জয় আদিত্য চৌধুৰীয়ে ৷ চিবুকৰ প্ৰযোজনা আছিল ড০ সঞ্জীৱ নাৰায়ন আৰু ডাঃ অক্ষতা নাৰায়নৰ ৷ চিবুকৰ সমগ্ৰ চিত্ৰগ্ৰহণ আৰু পৰিচালকৰ দায়িত্ব আছিল আশুতোষ কাশ্যপৰ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e96c4847-fcf4-4420-8015-025b5c0d7cf1/fa7c8053-3ccf-4642-a056-0ad8a4166f83.jpg)
আনন্দৰ বিষয় এয়ে যে স্থানীয় ভাবে নিৰ্মিত তথ্যচিত্ৰ “চিবুক'' ক ২০২৪ চনৰ নবি মুম্বাই আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ (MIFF) - ৰ প্ৰদৰ্শনৰ বাবে আনুষ্ঠানিকভাবে নিৰ্বাচিত কৰা হৈছে ৷ এই মহোৎসৱটো দক্ষিণ-পূৱ এছিয়াৰ আটাইতকৈ পুৰণি আৰু বৃহত চলচিত্ৰ মহোৎসৱ ৷ ৰাষ্ট্ৰীয় চলচিত্ৰ নিগম (NFDC) ৰ দ্বাৰা পৃষ্ঠপোষক কৰা MIFF হৈছে তথ্যচিত্ৰ আৰু স্বল্পদৈৰ্ঘৰ চলচিত্ৰ নিৰ্মাতাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু উপযুক্ত মঞ্চ ৷
Also Read: অম্বুবাচী উপলক্ষে প্ৰশাসনৰ নীতি-নিৰ্দেশনা জাৰিঃ চাওঁক সবিশেষ...