/asomiyapratidin/media/media_files/2025/03/14/a0IxyP85t1BlxiVw98Le.jpg)
ডিজিটেল সংবাদ জামগুৰিহাটঃ জামুগুৰিহাটৰ প্ৰতিভাৱান খেলুৱৈ শান্তনু প্ৰতিম দাসৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্যৰ অন্ত পৰা নাই। শেহতীয়াকৈ এই ম়ৃত্যুৰ ঘটনাই লৈছে নতুন ৰূপ।উল্লেখ্য যে, যোৱা ৮ মাৰ্চৰ নিশা এক পথ দুৰ্ঘটনাত পতিত হৈ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ শান্তনু প্ৰতিম দাস গুৱাহাটীত চিকিৎসাধীন হৈ আছিল যদিও ১১ মাৰ্চৰ দিনা দুৰ্ভাগ্যজনকভাৱে তেওঁ মৃত্যুক সাৱটি লয়।
৮ মাৰ্চৰ দিনা তেওঁৰ কিদৰে পথ দুৰ্ঘটনা সংঘটিত হৈছিল সেয়া পোহৰলৈ অহা নাছিল যদিও শেহতীয়াকৈ প্ৰয়াত শান্তনুৰ পত্নীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কৰা তদন্তত এয়া দুৰ্ঘটনাৰ পৰিবৰ্তে এক হত্যাকাণ্ড বুলিহে প্ৰমাণিত হোৱাত চাঞ্চল্য সৃষ্টি হৈছে। মন কৰিবলগীয়া যে, ৮ মাৰ্চৰ নিশা শান্তুনুৱে এ এছ ১২ জে ৮৭৫৬ নম্বৰৰ এখন বাইকেৰে ঘৰলৈ গৈ থকা অৱস্থাত জামুগুৰিহাটৰ খাদৈচুকত এ এছ ১২ ই আৰ ৬৭৪৭ নম্বৰৰ ই-ৰিক্সাৰ সৈতে দুৰ্ঘটনাত পতিত হৈছিল।
এই দুৰ্ঘটনা সংঘটিত কৰা ই-ৰিক্সাখনৰ গৰাকী নিপু দাস। তেওঁ শান্তনু প্ৰতিম দাসৰ চুবুৰীয়া। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত নিপুৰ সৈতে আছিল ভাতৃ ৰূপজ্যোতি দাস আৰু সতীৰ্থ মণ্টু দাস। দুৰ্ঘটনা সংঘটিত হোৱাত তেওঁলোকে শান্তনুক হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ পৰিবৰ্তে ঘটনাস্থলীতে পেলাই থৈ পলায়ন কৰে।
তাৰোপৰি এই সমগ্ৰ ঘটনাকে গাপ দি ৰাখিবলৈয়ো চেষ্টা কৰে এই তিনিও অভিযুক্তই। জামুগুৰি আৰক্ষীৰ তদন্তত এতিয়া এই সকলো বিষয় পোহৰলৈ আহিছে। আৰক্ষীয়ে আটক কৰিছে একেখন গাঁৱৰে তিনিও অভিযুক্তক। জব্দ কৰিছে ই-ৰিক্সাখন।
আৰক্ষীৰ সন্মুখত নিপু দাসে দুৰ্ঘটনা সংঘটিত কৰাৰ কথা স্বীকাৰ কৰাৰ লগতে সংকটজনক অৱস্থাত শান্তনু প্ৰতিম দাসক সেই স্থানতে এৰি পলায়ন কৰা বুলি স্বীকাৰ কৰিছে। শান্তনু প্ৰতিম দাসৰ পত্নীয়ে ইয়াক দুৰ্ঘটনাৰ পৰিবৰ্তে হত্যাকাণ্ড বুলিহে উল্লেখ কৰিছে।
প্ৰথমে আটক কৰিছিল যদিও আক্ষীয়ে পাছত তিনিওকে গ্ৰেপ্তাৰ কৰি ভাৰতীয় ন্যায় সংহিতা আইনৰ ২৮১/১০৩/৩(৫) ধাৰাগ গোচৰ ৰুজু কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।ইফালে অকাল মৃত্যুক সাৱতি লোৱা প্ৰতিভাৱান খেলুৱৈ তথা শিক্ষক শান্তনু প্ৰতিমৰ গৃহত আজিও শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷
এটি সন্তানৰ পিতৃ আৰু গৰ্ভৱতী পত্নীয়ে তেওৰ স্বামীক দুৰ্ঘটনাৰ পিছত হত্যাৰ প্ৰচেষ্টা চলোৱা দোষীক উচিত শাস্তি বিহাৰো দাবী তুলিছে৷ এগৰাকী সুঠাম যুৱকৰ এইদৰে মৃত্যু হোৱা ঘটনা আৰু একেখন গাঁৱৰে প্ৰতিৱেশী তিনি যুৱক এইদৰে অভিযুক্ত হৈ জেল হাজোতলৈ যাবলগীয়া হোৱা ঘটনাই সমগ্ৰ জামুগুৰিহাটতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷