গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়াইলৈ Personality Of The Year-2022 সন্মান...

সুদীৰ্ঘ দিন নিষ্ঠা আৰু সততাৰে আগবঢ়াই অহা সংবাদ সেৱাৰ জৰিয়তে সমাজলৈ আগবঢ়াই অহা নি:স্বাৰ্থ সেৱা গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়াক চেটেলাইট সংবাদ মাধ্যমে ৰাজহুৱাভাবে প্ৰদান কৰে Personality Of The Year-2022 সন্মান ।
সাংবাদিক ভুৱন শইকীয়াইলৈ Personality Of The Year-2022 সন্মান
সাংবাদিক ভুৱন শইকীয়াইলৈ Personality Of The Year-2022 সন্মান

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ সুদীৰ্ঘ দিন নিষ্ঠা আৰু সততাৰে আগবঢ়াই অহা সংবাদ সেৱাৰ জৰিয়তে সমাজলৈ আগবঢ়াই অহা নি:স্বাৰ্থ সেৱা আৰু আৰ্তজনৰ প্ৰতি দেখুৱাই অহা মানবীয় প্ৰমুল্যবোধ, সহায়-সহানুভূতিৰ কাৰণে গহপুৰৰ জ্যেষ্ঠ সাংবাদিক ভুৱন শইকীয়াক চেটেলাইট সংবাদ মাধ্যমে ৰাজহুৱাভাবে প্ৰদান কৰে Personality Of The Year-2022 সন্মান ।

শণিবাৰে সন্ধিয়া ৮ বজাত গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত তেওঁক এই সন্মানৰ বঁটা আনুষ্ঠানিকভাৱে প্রদান কৰা হয় । এই সন্মান প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ-গৱেষক ড০ দয়ানন্দ পাঠক, অসম চৰকাৰৰ ৰাজহ মন্ত্রী যোগেন মহন আৰু শ্ৰম-নিয়োগ মন্ত্রী সঞ্জয় কৃষাণে।

উল্লেখযোগ্য যে, ছয়দুৱাৰ মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাত তেওঁ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদকৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰা লিখা-মেলাৰ প্ৰতি ধাউতি বাঢ়িছিল ভুৱন শইকীয়াৰ । ইয়াৰ পিছতেই যেন তেওঁৰ বাবে আৰম্ভ হৈছিল এটা নতুন যাত্ৰাৰ ।

ট্ৰফী
ট্ৰফী

কলেজত পঢ়ি থকা অৱস্থাতে তেওঁ ১৯৯৪ চনৰ পৰাই এখন বাতৰি কাকতত Sunday Reading ৰ "My View Point" শীৰ্ষক শিতানত নিয়মীয়াকৈ লেখা মেলা কৰিছিল।শিক্ষাগ্ৰহণ কৰি থকা সময়ৰে পৰা টিউচন চেণ্টাৰ খুলি নিজৰ দক্ষতাৰে নিজৰ ভৰিত থিয় হৈ আত্মনিৰ্ভৰশীলতাৰ সংগ্ৰাম চলাই নিছিল।

১৯৯৬ চনত তেওঁ গহপুৰৰ অন্যতম সাংস্কৃতিক গোষ্ঠী পাঞ্চজন্য যুৱ সংঘৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লাভ কৰে। যিয়ে তেওঁক বৃহত্তৰ গহপুৰৰ সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়ায় আনে । তেওঁৰ সাংবাদিক জীৱনৰ আৰম্ভণি হৈছিল নব্বৈ দশকতে। ১৯৯৯ চনত তেওঁ আজি কাকতৰ দ্বাৰা সংবাদ সেৱা আৰু সাংবাদিক জীৱনৰ আৰম্ভণি কৰে। তদুপৰি সেই সময়তে তেওঁ মহাজাতি কাকততো লেখা মেলা কৰিছিল।

ইয়াৰ পিছত তেওঁ ২০০৩ ত অসমীয়া জনমত( সাপ্তাহিক কাকত) , ২০০৪ চনত নতুন দিন , ২০০৫ ত অসমীয়া প্ৰতিদিন, ২০০৬ চনত অসমীয়া খবৰ, পুনৰ বিশ্বনাথৰ তত্বাৱধায়ক হিচাপে আজিৰ কাকতত, The Sentinel,আজিৰ অসম, ৰিপৰ্টাৰ আলোচনী, প্ৰাগজ্যোতিষ সাপ্তাহিক কাকত আদি বিভিন্ন কাকতৰ দায়িত্বপূৰ্ণ দায়িত্বসমূহ নিষ্ঠা আৰু সততাৰে পালন কৰে।

তদুপৰি তেওঁ ২০১৭ পৰা Assam Talks ৰ উত্তৰ অসমৰ দায়িত্ব, ২০০৫ চনত অসমীয়া প্ৰতিদিনৰ শোণিতপুৰ জিলাৰ ভ্ৰাম্যমাণ সাংবাদিকৰ দায়িত্ব,নতুন দিন নামৰ কাকতখনৰ উত্তৰ অসমৰ দায়িত্বত আছিল।তদুপৰি নিজৰে Live 7 sisters নামৰ এটা ৱেব পৰ্টেলত নিয়মীয়াকৈ লিখে তেওঁ।বৰ্তমান তেওঁ Live 7 Sistersৰ মুখ্য সম্পাদক হিচাপে নিষ্ঠাৰে সংবাদ সেৱাৰ লগত জড়িত হৈ আছে।

মানপত্ৰ

২০০০ চনতেই গহপুৰৰ প্ৰবীণ সাংবাদিক নগেন কোঞৰ, বীৰেন কাথ হাজৰিকা, জিতেন শইকীয়াৰ সহযোগত "গহপুৰ সংবাদ" নামৰ এখন সাপ্তাহিক কাকত প্ৰকাশৰ ক্ষেত্ৰত আগভাগ লৈছিল । ভুৱন শইকীয়াই ২০০০ চনত গহপুৰ জিলা সাংবাদিক সন্থাৰ সম্পাদক আৰু ২০০৫ চনৰ পৰা একেৰাহে ১২ বছৰ অৰ্থাৎ তিনিটা কাৰ্য্যকাল অবিভক্ত শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰে ।

দুৰ্গত জনৰ কাষত থিয় দিয়াৰ ক্ষেত্ৰত ভুৱন শইকীয়া কিমান সক্ৰিয় বা কিমান দায়িত্বশীল সেয়া আমি নকলেও হব । বিগত সময়চোৱাত সমগ্ৰ অসমবাসীয়ে তেওঁৰ এই সক্ৰিয়তা দেখা পাই আহিছে । আমি মাত্ৰ দুটামান উল্লেখ কৰিব খুজিছো-

ইমন কলিতা নামৰ এটি শিশুৰ ব্লাড কেঞ্চাৰ আক্ৰান্ত আছিল । যি বাতৰি তেওঁ কৰিছিল আৰু ব্যক্তিগত প্ৰচেষ্টাৰে তেওঁ সেই বাতৰি তেতিয়াৰ অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষ চপাই নি চিকিৎসা তেওঁক উন্নত চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা কৰিছিল । তদুপৰি তেওঁ অংশুমান নেউপানী নামৰ ১০ মহীয়া এটা কিশোৰৰ কঁকালৰ এটা টিউমাৰ, ৰুণমাই স্বগীয়াৰী ব্ৰেইন টিউমাৰ আদি চিকিৎসা কৰাৰ ক্ষেত্ৰত ব্যক্তিগত প্ৰচেষ্টাৰে যথেষ্ট সহায় কৰি দিছিল ।

এটা অভিশপ্ত মটৰ দুৰ্ঘটনাই অন্ধকাৰ নমাই অনা ব্ৰহ্মাজানৰ ধনবৰ ভূঞা নামৰ এটি দৰিদ্ৰ পৰিয়ালে আৰ্থিক ভাবে সকাহ লাভ কৰাৰ ক্ষেত্ৰতো ভুৱন শইকীয়াই প্ৰথমে পৰিৱেশন কৰা এটা হৃদয়বিদাৰক বাতৰিয়ে বিশেষ ভাবে প্ৰভাৱ পেলাইছিল ।

তেওঁৰ এই বাতৰিটোৰ বাবে গহপুৰ মহকুমা প্ৰশাসনে আগবঢ়াইছিল ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ ইতিবাচক বাতৰিৰ সন্মান।তেওঁ ২০১২-১৩ চনত তেতিয়াৰ অবিভক্ত শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক অপূৰ্ব জীৱন বৰুৱা আৰু যুৱ ছাত্ৰ পৰিষদৰ সহযোগত আয়োজন কৰা জাতি জনগোষ্ঠীয় সমাৰোহৰ "এনাজৰী" পত্ৰিকাৰ সম্পাদক আৰু গহপুৰ উৎসৱৰ আলোচনীত শিক্ষক জগদীশ শৰ্মা লগত যুটীয়া সম্পাদকৰ দায়িত্ব পালন কৰিছিল ।

সংবাদ সেৱাৰ মাধ্যমেৰে সমাজৰ প্ৰতি নি:স্বাৰ্থ সেৱা আগবঢ়াই অহা সাংবাদিক ভুৱন শইকীয়ালৈ তেওঁৰ এই শেহতীয়া স্বীকৃতিৰ বাবে গহপুৰৰ বিভিন্ন জন লোকে জনাইছে অলেখ শুভকামনা ।

সাংবাদিক ভুৱন শইকীয়াইলৈ Personality Of The Year-2022 সন্মান
আজি অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in