/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/219cc5ac-f2f6-4378-8880-fa2ce57a0808/sariduar 7.jpg)
চাৰিদুৱাৰৰ কঠালজুলিত চাঞ্চল্যকৰ ঘটনাঃ ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ মহিলাৰ দেহ...
ডিজিটেল সংবাদ জামুগুৰিহাটঃ শোণিতপুৰৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ অতি দূৰ্গম অঞ্চল কঠালজুলিত সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকণ্ড। জানিব পৰা মতে এগৰাকী মহিলাক হত্যা কৰি উলংগ কৰি পেলাই থৈ গ'ল বিচনাত।
এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে তিব্ৰ চাঞ্চল্যৰ। উল্লেখ্য যে অঞ্চলটোৰ লাওদাং বসুমতাৰী নামৰ এগৰাকী মহিলাক কোনো অচিনাক্ত দূৰ্বৃত্তই নিশা নিজা বাসগৃহত কোনো নথকাৰ সুযোগ লৈ চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি হত্যা কৰাৰ লগতে উলংগ অৱস্থাত বিচনাত পেলাই থৈ যায়।
পৰিয়ালৰ লোকে মহিলাগৰাকীৰ ক্ষত বিক্ষত মৃতদেহ প্ৰতক্ষ্য কৰি চাৰিদুৱাৰ আৰক্ষীক খবৰ দিয়ে। বহু সময়ৰ অন্তত নিশা চাৰিদুৱাৰ আৰক্ষীয়ে সেই দূৰ্গম অঞ্চলটিৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু দোষীক বিচাৰি অভিযান আৰাম্ভ কৰিছে। ইতিমধ্যে মহিলাগৰাকীৰ বিচনাৰ কাষৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত চোকা অস্ত্ৰও আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে।
Also Read: দুধনৈত পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি...