ঢোলৰ গুমগুমনিত উখল-মাখল গহপুৰ

কঁকাল ঘূৰাই নাচিলে মহকুমাধিপতি লুকুমণি বৰাই
ঢোলৰ গুমগুমনিত উখল-মাখল গহপুৰ

ডিজিটেল সংবাদ,ছয়দুৱাৰ : নিৰ্বাচনী ধামখুমীয়াৰ মাজত ঋতুৰাজ বসন্তৰ গা ৰাইজাই কৰা মায়াময়-মধুময় পৰিবেশত এতিয়া চৌদিশে কেৱল ৰঙালী বিহুৰ পাৰভঙা ৰং আৰু উচাহৰ বন্যা। উছৱৰ মধুৰ আলোড়নেৰে আলোড়িত শ্রীময়ী অসমীৰ শীতল বুকু।

প্রান্তে প্রান্তে অসমীয়া জাতিৰ আয়ুসৰেখা স্বৰূপ ব'হাগৰ বন্দনা। অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উপলক্ষে উখল-মাখল ৰাজ্যৰ পৰিবেশ। ঢোলৰ গুমগুমনি, জাউৰি জাউৰি বিহু নাম, বিহুৱা-বিহুৱতীৰ নৃত্যৰ ছন্দ, লাহৰী গগনা, পেঁপাৰ টিহিটি মাত আৰু বিহুবলিয়া জনগণৰ ব্যাপক উচাহ-উদ্দীপনাৰে উদ্বেলিত লুইতৰ দুয়োপাৰত এফালে নিৰ্বাচন আৰু আনফালে ব'হাগৰ মধু আলোড়নেৰে আলোড়িত পৰিৱেশ।

নিৰ্বাচনকেন্দ্ৰিক ধামখুমীয়াত ব্যস্ত সকলো। আৰক্ষী-প্ৰশাসন, নেতা-পালিনেতা,জনতা-জনাৰ্দন সকলোৰে গাত লাগিছে এতিয়া নিৰ্বাচনী বা। নিৰ্বাচনকেন্দ্ৰিক এই ব্যস্ততাৰ মাজত গহপুৰ মহকুমা প্ৰশাসনে সোমবাৰে নিশা স্থানীয় পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত কৰে অসমীয়াৰ বাপটি সাহোন ৰঙালী বিহু উদযাপনৰ এক আটকধুনীয়া অনুষ্ঠানৰ।

গহপুৰ মহকুমা প্ৰশাসনৰ আহ্বানমৰ্মে বসন্তৰ মাদকতাপূর্ণ ফৰকাল বতৰৰ আপাহত প্ৰশাসনৰ বিহুতলীলৈ হিলদ'ল ভাঙি ওলাই আহিল বিহুবলিয়া জনগণ আৰু কেইবাটাও বিহু হুঁচৰিৰ দল। উৎসৱপ্রেমী গহপুৰীয়া জনতাৰ এনে পাৰভঙা উছাহ-উদ্দীপনাৰে উদুলি-মুদুলি হৈ পৰা গহপুৰ মহকুমা প্ৰশাসনৰ বিহুতলীত কঁকাল ঘূৰাই নাচি ৰঙালীৰ উচাহত একাত্ম হৈ পৰিল গহপুৰ মহকুমাৰ মহকুমাধিপতি লুকুমণি বৰা।

ঋতুৰাজ বসন্তৰ পৰশত বাউলি হোৱা হৰিৎবসনা প্রকৃতিৰ অপৰূপ শোভাত কুলি-কেতেকীৰ হিয়া জুৰ পেলোৱা গানেৰে মন মতলীয়া এই পৰিৱেশত মহকুমাধিপতি লুকুমণি বৰাৰ সৈতে গহপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনিষ ভড়ালী,সহকাৰী আয়ুক্ত মাধুৰ্য্য পৰাশৰ,চয়নিকা হাজৰিকা, নিৰ্বাচনী বিষয়া পূজা পুনম গগৈৰ লগতে গহপুৰ মহকুমা প্ৰশাসনৰ একাধিক বিষয়া-কৰ্মচাৰী ৰঙালীৰ ৰঙত ৰঙিয়াল হৈ পৰে।

উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰে মহকুমাধিপতি লুকুমণি বৰাই। বৰাই কয় যে নিৰ্বাচনী ধামখুমীয়াৰ মাজত এইবাৰ বিহুটি আহিলেও ভোট যুদ্ধৰ ৰঙশিঙাক চেৰাই অসমীয়াই বিহু নপতাকৈ থাকিব নোৱাৰে।

অসমৰ কৃষ্টি-সংস্কৃতি,পৰম্পৰা জীয়াই ৰখাৰ ক্ষেত্ৰত সকলোৰে দায়িত্ব আৰু কৰ্তব্য থকাৰ কথা ভাষণত উল্লেখ কৰে মহকুমাধিপতি লুকুমণি বৰাই। অনুষ্ঠানটোৰ শেষত গহপুৰ মহকুমা প্ৰশাসনে সকলোকে দৈ-চিৰা,লাড়ু-পিঠাৰে আপ্ৰায়ণ কৰে।

ঢোলৰ গুমগুমনিত উখল-মাখল গহপুৰ
ভাইজানৰ ঘৰত গুলীবৰ্ষণ কাণ্ড : ২ দুৰ্বৃত্তক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in