Advertisment

নদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : ৰদ ভৰ্তি ট্ৰাকে মহতিয়ালে কেইবাখনো দোকান

নদুৱাৰ অঞ্চলৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিজুৰিৰ হাতিপটি গেটত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। অঞ্চলটোৰ বালিজুৰিৰ হাটিপতি গেটত AS 01 KC 5321 নম্বৰৰ তীব্ৰ বেগী এখন ৰদ ভৰ্তি ট্ৰাকে তিনিখনতকৈয়ো অধিক দোকান মহতিয়াই নিয়ে।

author-image
Asomiya Pratidin
New Update
নদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৰদ ভৰ্তি ট্ৰাকে মহতিয়ালে কেইবাখনো দোকান

নদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ ৰদ ভৰ্তি ট্ৰাকে মহতিয়ালে কেইবাখনো দোকান

ডিজিটেল সংবাদ জামুগুৰিহাটঃ নদুৱাৰ অঞ্চলৰ চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিজুৰিৰ হাতিপটি গেটত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। অঞ্চলটোৰ বালিজুৰিৰ হাটিপতি গেটত AS 01 KC 5321 নম্বৰৰ তীব্ৰ বেগী এখন ৰদ ভৰ্তি ট্ৰাকে তিনিখনতকৈয়ো অধিক দোকান মহতিয়াই নিয়ে। 

Advertisment

ফলত সম্পূৰ্ণৰূপে বিধস্ত হয় দোকানসমূহ। নিশা প্ৰায় ৯ মান বজাত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত দোকান ঘৰসমূহ ভাঙি প্ৰায় ৩০ লাখ টকাৰ সা-সম্পত্তি নষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে৷

ভয়ংকৰ পথ দুৰ্ঘটনাটোত দোকানীসকলৰ কথমপিহে প্ৰাণ ৰক্ষা পৰে। এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে৷

ট্ৰাকৰ চালক আৰু হেণ্ডিমেন দুৰ্ঘটনা সংঘটিত কৰি গাড়ী এৰি পলায়ন কৰে। ঘটনাস্থলীত ইটাখোলা আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে৷

পথ দুৰ্ঘটনা জামুগুৰিহাট