জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত এজন...

জামুগুৰিহাটৰ পাতলৰচুকত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাকৰ পিছফালে এজন স্কুটী চালকে প্ৰচণ্ড বেগত খুন্দা মৰাৰ ফলত গুৰুতৰভাবে আহত হয় স্কুটি চালকজন।

author-image
Tushar Pratim
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ পাতলৰচুকৰ সমীপত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকৰ পিছফালে এজন স্কুটী চালকে প্ৰচণ্ড বেগত খুন্দা মৰাৰ ফলত গুৰুতৰভাবে আহত হয় স্কুটি চালকজন।

Advertisment

মুখমণ্ডল আৰু বুকুত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হোৱা ব্যক্তিজনক স্থানীয় ৰাইজে ১০৮ মৃত্যুঞ্জয় সেৱাৰ জৰিয়তে সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। গুৰুতৰভাবে আহত ব্যক্তিজন জামুগুৰিহাটৰ বৰিগাওঁৰ দীপক নাথ বুলি জানিব পৰা গৈছে।

পথ দুৰ্ঘটনা জামুগুৰিহাট