/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/91b0fa31-bf49-4fff-a4d5-424f12ec0c30/JAMUGURI_08.jpg)
পুৱাই জামুগুৰিহাটত দুৰ্ঘটনাঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ নিহত...
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ পথ দুৰ্ঘটনাৰ স্থান জামুগুৰিহাটৰ ধলাইবিল। পুৱাই সংঘটিত হোৱা এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হৈছে। উল্লেখ্য যে, ধাৰাবাহিক ভাৱে বিগত দিন কেইটাত পুৱাৰ ভাগতেই ৰাজ্যৰ ভিন্ন স্থানত পথ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ লগতে বহু কেইজন লোকৰ প্ৰাণ গৈছে।
আজিও তাৰ ব্যতিক্ৰম নহ'ল। জানিব পৰা মতে পুৱাই জামুগুৰিৰ ধলাইবিলত এখন ডাম্পাৰৰ পিছফালে খুন্দা মাৰে এখন ছুইফট বাহনে। ফলত থিতাতে নিহত হয় লুকু শৰ্মা নামৰ এজন যুৱক। দুৰ্ঘটনাত পতিত হোৱা চুইফট ডিজায়াৰখনৰ নম্বৰ AS-01-BG 9710 ।
নিহত লুকু শৰ্মা (২২) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল। আনহাতে এই দুৰ্ঘটনাত আহত হৈছে আন ৪ জন লোক। জানিব পৰা মতে তেওঁলোকে ডিব্ৰুগড়ৰ পৰা মঙলদৈ অভিমুখে আহি আছিল।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ জামুগুৰিহাটৰ আৰক্ষী। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। আহতসকল ক্ৰমে অৰিন্দম শৰ্মা(২৬) ভূমিতা ভট্টাচাৰ্য (৫৫) গীতাঞ্জলি শৰ্মা(৪৭) আৰু কুশল ডেকা৷ আটাইকেইগৰাকীৰ ঘৰ মংগলদৈত৷
Also Read: অসম তথা ভাৰতত অল কাইদাৰ সদস্য নিয়োগ কৰা শীৰ্ষ নেতা আবু তালহাক গ্ৰেপ্তাৰ...