/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
ডিজিটেল সংবাদ জামুগুৰিহাটঃ জামুগুৰিহাটৰ টুপিয়াৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা৷ এখন মালবাহী ট্ৰেইলাৰ আৰু এখন ডাম্পাৰৰ মুখামুখিৰ সংঘৰ্ষৰ ফলতে সংঘটিত হৈছে এই দুৰ্ঘটনা।
উল্লেখ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা মালবাহী ট্ৰেইলাৰখনৰ নম্বৰ এ এছ ০৩ এফ ১৩০০ আৰু ডাম্পাৰখনৰ নম্বৰ এ এছ ১২ এচি ৭১০৪।দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে টিপাৰ চালক ধনঞ্জয় পানিকা উত্তৰ জামুগুৰি গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আনহাতে মলবাহী ট্ৰাকখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ দুৰ্ঘটনাৰ ফলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত শ শ সৰু বৰ গাড়ী আৰু যাত্ৰীবাহী বাচ ট্ৰাক আৱদ্ধ হৈ পৰে৷
ইফালে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত আন দুখন বাহনো বিধ্বস্ত হয়৷দুৰ্ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে যান বাহন নিয়ন্ত্ৰণ কৰাত ব্যস্ত হৈ পৰিছে৷