ৰাভা দিৱস উপলক্ষে ধলাইবিলত অসম ভিত্তিত কুইজ প্ৰতিযোগিতা...

ধলাইবিলস্থিত সাহিত্য সভা ভৱনত সায়ন্তন শইকীয়াৰ পৰিচালনাত  কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব। উল্লেখ্য যে, অসম ভিত্তিত কুইজ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৫০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৩০০০ আৰু তৃতীয় পুৰস্কাৰ ২০০০ টকা।

author-image
Asomiya Pratidin
New Update
ccccc

ডিজিটেল সংবাদ,ধলাইবিলঃ  চতুৰ্থ বাৰ্ষিক বিষ্ণু প্ৰসাদ  ১৫ জুনত ধলাইবিলত অসম ভিত্তিত কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। "সেই ধলাইবিল"ৰ উদ্যোগত দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হ'ব কুইজ প্ৰতিযোগিতা।

উক্ত প্ৰতিযোগিতাৰ বিষয় হৈছে "অসমীয়া ৰাজনীতি (ছাৰ চৈয়দ মহম্মদ ছদুল্লাৰ পৰা ড০ হিমন্ত বিশ্ব শৰ্মালৈ)।" অৰ্থাত প্ৰতিযোগী সকলক উক্ত বিষয়ৰ ভিতৰত প্ৰশ্ন সমূহ সোধা হ'ব। ধলাইবিলস্থিত সাহিত্য সভা ভৱনত সায়ন্তন শইকীয়াৰ পৰিচালনাত  কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, অসম ভিত্তিত কুইজ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৫০০০ টকা, দ্বিতীয় পুৰস্কাৰ ৩০০০ আৰু তৃতীয় পুৰস্কাৰ ২০০০ টকা। ইফালে, পুৱা ৯ বজাৰ পৰা স্কুল কুইজ অনুষ্ঠিত কৰিব বুলি আয়োজকে জানিবলৈ দিছে। বিশ্বৰ সাম্প্ৰতিক ঘটনাৱলীৰ ওপৰত উক্ত স্কুল কুইজ অনুষ্ঠিত কৰা হ'ব।

শোণিতপুৰ