জামুগুৰিহাটৰ নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা লগালে ৰান্ধনী সন্থাই

জামুগুৰিহাটৰ নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা লগালে ৰান্ধনী সন্থাই

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটৰ নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা লগালে ৰান্ধনী সন্থাই

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটস্থিত নদুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত বুধবাৰে পুৱাৰে পৰা ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰে নদুৱাৰ মধ্যাহ্নভোজন ৰান্ধনী সন্থাই ৷

Advertisment

বকেয়া ধন আদায়, দৰমহা বৃদ্ধিকে ধৰি কেইবাটাও সমস্যা সমাধানৰ দাবীত শতাধিক বিদ্যালয়ৰ ৰান্ধনীয়ে এই কাৰ্যসুচী ৰূপায়ন কৰে ৷ প্ৰতিৱাদকাৰীসকলে প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত তলা লগাই প্ৰতিৱাদ সাব্যস্ত কৰে৷

সমস্যা সমাধান নহ'লে ভৱিষ্যতে কঠোৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো ভাবুকি দিয়ে নদুৱাৰ মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ বিষয়ববীয়া, সদস্যসকলে ৷

Also Read: সুৰাৰ বটলেৰে মহিলাক আক্ৰমণ যুৱকৰ

Education Department