বিশিষ্ট সমাজ কৰ্মী নৃপেন্দ্ৰ নাথ বৰঠাকুৰৰ দেহাৱসান

বিশিষ্ট সমাজ কৰ্মী নৃপেন্দ্ৰ নাথ বৰঠাকুৰৰ দেহাৱসান

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ বিশিষ্ট সমাজ কৰ্মী, অগপ দলৰ জ্যেষ্ঠ নেতা তথা কৃতী শিক্ষক নৃপেন্দ্ৰ নাথ বৰঠাকুৰৰ শণিবাৰে পুৱা প্ৰায় ৬-৩০ বজাত দুলাল গাঁৱৰ নিজা বাসভৱনত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱাত বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৪ বছৰ।

পূৱথৰীয়া মজলীয়া বিদ্যালয়ত শিক্ষকতাৰ জীৱনৰ পাতনি মেলা বৰঠাকুৰে ২০০১ চনত অৱসৰ গ্ৰহণ কৰে। ২০০৫ চনৰ পৰা চলিত বৰ্ষলৈকে অসম গণ পৰিষদ দলৰ পূৱ-পূৱথৰীয়া আঞ্চলিকৰ সভাপতিৰ পদ অলংকৃত কৰা বৰঠাকুৰে ১৯৯৮ চনত ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা লাভেৰে নিজ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মঞ্চ নাটকৰ লগতে পাল্লা ভাওনা আৰু অসমীয়া ভাওনাৰ এগৰাকী সুদক্ষ অভিনেতা হিচাপে নিজকে পৰিচয় কৰাই দিবলৈ সক্ষম হোৱা বৰঠাকুৰে মৃত্যুৰ সময়লৈকে নগাঁও ব্ৰহ্ম সমাজ, কলিয়াবৰ ব্ৰহ্ম সমাজ, মাধৱ পুথিভঁৰাল, কলংপৰীয়া সাংস্কৃতিক গোষ্ঠী, ত্ৰিনয়ন শিৱ মন্দিৰ, সংযোগ আৰু দুলাল মাধৱ দেৱালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ সমাজৰ উন্নতিৰ হকে সেৱা আগবঢ়ায় সমাদৃত হৈছিল ।

আজি বৰঠাকুৰৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে গুণমুগ্ধসকলে তেখেতৰ বাসগৃহত সমবেত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তইও তেখেতৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী সহ দুগৰাকী জীয়ৰী ইহ সংসাৰত এৰি থৈ যায়।

বিশিষ্ট সমাজ কৰ্মী নৃপেন্দ্ৰ নাথ বৰঠাকুৰৰ দেহাৱসান
বিহালীত বিজেপি দলত বৃহৎ সংখ্য যুৱকৰ যোগদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in