/asomiyapratidin/media/media_files/2025/04/24/oOOfnLiYWCdnQkrxxeUM.jpg)
ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথৰ জিলা চিকিৎসালয়ত অঘটন। চিকিৎসালয়খনৰ স্থায়ী আৰু অস্থায়ী কৰ্মচৰীৰ মাজত সংঘটিত হয় সংঘাতৰ। ফলত তীব্ৰ উত্তেজনাই বিৰাদ কৰিছে চিকিৎসালয়খনত।
জানিব পৰা মতে বিশ্বনাথ জিলা চিকিৎসালয়খনত আজি এটা সাধাৰণ কথাক লৈ চিকিৎসালয়খনত কৰ্মৰত স্থায়ী আৰু অস্থায়ী চিকিৎসাকৰ্মীসকলৰ মাজত সংঘাত আৰম্ভ হয়। এই সংঘাতেই পৰৱৰ্তী সময়ত তীব্ৰ ৰূপ ধাৰণ কৰে আৰু চিকিৎসালয়খনৰ সম্পত্তিও ধ্বংস কৰাত নামি পৰে একাংশ কৰ্মচাৰী।
অভিযোগ অনুসৰি চিকিৎসালয়খনৰ মেটাৰনিটি ৱাৰ্ডত ডিউটি কৰাকলৈ স্থায়ী আৰু অস্থায়ী কৰ্মচাৰীৰ মাজত সংঘাত হৈছিল। পাছত এই সংঘাতে এনে ৰূপ ধাৰণ কৰে যে চাফাই কৰ্মচাৰীয়ে চিকিৎসালয়খনৰ দুৱাৰৰ গ্লাছ ভঙাৰ লগতে বিভিন্ন আঁচবাবো ভাঙি পেলায়। চিকিৎসালয়খনৰ সম্পত্তি এইদৰে ধ্বংস কৰা চাফাই কৰ্মচাৰীজনৰ নাম গোৰখনাথ বাছফৰ। এই ঘটনাক লৈ চিকিৎসালয়খনত অব্যাহত আছে উত্তেজনা।