ৰঙাপৰাত পথৰ শোচনীয় অৱস্থা : বাহনৰ পৰা পৰি আহত ছাত্ৰ

ৰঙাপৰাত পথৰ শোচনীয় অৱস্থা : বাহনৰ পৰা পৰি আহত ছাত্ৰ

author-image
Asomiya Pratidin
New Update
ৰঙাপৰাত পথৰ শোচনীয় অৱস্থা : বাহনৰ পৰা পৰি আহত ছাত্ৰ

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ৰঙাপৰাৰ এটা বিধ্বস্ত পথে জলা কলা খুৱাইছে অঞ্চলটোৰ ৰাইজক। পথৰ দুৰৱস্থাৰ বাবেই আহ-যাহ কৰাত সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী। কেৱল ইমানেই নহয়, পথছোৱাৰ মাজত সৃষ্টি হোৱা গাঁতৰ বাবে স্কুলীয়া শিক্ষাৰ্থীয়ে দুচকীয়া বাহনৰ পৰা পৰি আঘতপ্ৰাপ্ত পৰ্যন্ত হ'ব লগা হৈছে।

Advertisment

পথছোৱাৰ মাজত সৃষ্টি হোৱা এটা প্রকাণ্ড গাঁত পানীৰ তলত বুৰ গৈ থকাৰ বাবেই পথ দুর্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। ঘটনা অনুসৰি পানীৰ মাজত থকা গাঁতটোত নিয়ন্ত্ৰণ হেৰুৱাই এখন স্কটিসহ ৩জন আৰোহী পানীৰ মাজতে বাগৰি পৰে। দুৰ্ঘটনাত কিশোৰ আৰু বিদ্যালয়লৈ গৈ থকা ছাত্ৰজন আঘাতপ্রাপ্ত হয়।

উল্লেখযোগ্য যে ৰঙাপৰাৰ ফুলগুৰি-নেপালীপামলৈ যোৱা পথৰ মাজত সৃষ্টি হৈছে কৃত্রিম বানপানীৰ। লোক নিৰ্মাণ বিভাগৰ পথটি সম্প্ৰতি মৰণ ফান্দত পৰিণত হৈছে । পথটিৰ মাজত সৃষ্টি হোৱা কৃত্রিম বানপানীৰ বাবে সংঘটিত হৈছে কেইবাটাও পথ দুর্ঘটনা।

পথৰ মাজত জমা হোৱা বৰষুণৰ পানী নিষ্কাসণ নোহোৱাৰ ফলত ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলে বিপদসংকূলভাৱে অহা-যোৱা কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগটোৱে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব অতি লক্ষণীয়।

Also Read: বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ এজন ! চিন্তিত পৰিয়াল

jamugurihat student Rangapara