ডিজিটেল সংবাদ জামুগুৰিহাটঃ চৰকাৰী চাকৰিৰ আশাত সময় অতিবাহিত কৰাৰ পৰিবৰ্তে নিজা চিন্তাৰে ক্ষুদ্ৰ উদ্যোগেৰে আত্ম সংস্থাপনৰ বাট মুকলি কৰিছে চতিয়াৰ এজন শিক্ষিত নিবনুৱাই। পৰমেশ চাহু নামৰ শিক্ষিত যুৱকজনে চাকৰিৰ আশা ত্যাগ কৰি নিজা কিছু সাচতীয়া ধনেৰে খুলিছে এটা আইছ ক্ৰীম উদ্যোগ।
ইটাখোলাৰ কেন্দ্ৰতে স্থাপন কৰা এই আইচ ক্ৰীম উদ্যোগে অঞ্চলটোৰ ৰাইজৰ মাজতো বিশেষ সমাদৰ লাভ কৰিছে। অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী হিচাপে পৰিচিত পৰশুৰাম চাহুৰ পুত্ৰ পৰমেশ চাহুৱে এইদৰে আত্ম সংস্থাপনৰ বাট মুকলি কৰাৰ সমান্তৰালকৈ আন ৮ গৰাকী নিবনুৱা যুৱক-যুৱতীকো সংস্থাপনৰ বাট মুকলি কৰি দিছে।
এই ক্ষুদ্ৰ উদ্যোগটোত প্ৰস্তুত কৰা আইচ ক্ৰীমে এতিয়া ইটাখোলাৰ লগতে চতিয়াত বিশেষ জনপ্ৰিয়তা লাভ কৰিছে। তাৰোপৰি এই আইচ ক্ৰীমৰ গুণগত মান উন্নত হোৱাৰ বাবেই বিশ্বনাথ, তেজপুৰৰ উপৰিও চুবুৰীয়া ৰাজ্য অৰুণাচলৰ চিজুছা আদি অঞ্চলতো সমাদৰ বাঢ়িছে।
পৰমেশ চাহুৱে জনোৱা মতে তেওঁৰ এই আইচ ক্ৰীম উদ্যোগত ভিন্ন ধৰণৰ মুঠ ১৫ বিধ আইচ ক্ৰীম তৈয়াৰ কৰা হয়। এই ১৫ বিধ আইচ ক্ৰীমৰে আছে নিজা বিশেষত্ব। এই সকলোবোৰ সুন্দৰকৈ পেকেজিং কৰি বিক্ৰীৰ বাবে বজাৰলৈ উলিয়াই দিয়া হয়। তেওঁৰ এই উদ্যোগী প্ৰচেষ্টাক বহুতেই প্ৰশংসা কৰাৰ লগতে শুভেচ্ছাও জনাইছে।