/asomiyapratidin/media/media_files/2025/05/17/sxi16w8ibRBVmZYYrcIQ.jpg)
ডিজিটেল সংবাদ ওৰাং: আজি ছহিদ সাংবাদিক পৰাগ কুমাৰ দাসৰ ৩০সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি সাহসী, নিৰ্ভীক সাংবাদিকগৰাকীক গভীৰভাৱে স্মৰণ কৰা হয়। সমান্তৰালভাৱে ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগতো আজিৰ দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পৰাগ কুমাৰ দাসক স্মৰণ কৰা হয়।
উল্লেখযোগ্য যে, পৰাগ কুমাৰ দাস আছিল এক নিৰ্ভীক, সত্যনিষ্ঠ সাংবাদিক। যিয়ে নিজৰ কলমৰ জৰিয়তে সমাজৰ অপশক্তি আৰু অন্যায়ৰ বিৰুদ্ধে সদায় প্ৰত্যাহ্বান জনাইছিল। তেওঁৰ সাহসিকতাৰ বাবে তেওঁক 'জাতীয় ছহিদ' হিচাপে মৰ্যাদা দিয়া হৈছিল।
আজি ঢেকিয়াজুলি প্ৰেছ ক্লাবত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি ভগৱান বৈশ্য, কাৰ্যকৰী সভাপতি বিমলজ্যোতি নাথ, সম্পাদক হৰেণ ভূমিজ, জেষ্ঠ সাংবাদিক নাৰায়ণ ফয়েল, দিলীপ নাথ, ভাস্কৰ ডেকা, বিপুল ফয়েল আদি উপস্থিত থাকি জাতীয় ছহিদ পৰাগ কুমাৰ দাসৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰভাবে স্মৰণ কৰে।
অনুষ্ঠানত ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সভাপতি ভগৱান বৈশ্যই কয়— “ পৰাগ কুমাৰ দাসৰ আদৰ্শ আৰু সাংবাদিকতাৰ প্ৰতি তেওঁৰ উৎসৰ্গা আজিও নতুন প্ৰজন্মৰ বাবে এক দীপশিখা।”