বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ আহ্বান...
বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ আহ্বান...

বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ আহ্বান...

নিৰ্বাচনক লৈ আশাবাদী শিক্ষাৰ্থীসকল

ডিজিটেল সংবাদ বিহালীঃ দেশৰ অষ্টাদশ সাধাৰণ নিৰ্বাচনৰ শোণিতপুৰ সংসদীয় লোকসভা সমষ্টিৰ ভোটগ্ৰহণ অসমত প্ৰথম পৰ্যায়ত ১৯ এপ্ৰিলতে অনুষ্ঠিত হ'ব। বিহুৰ মাজতে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী।

এনে অৱস্থাত শাসক‌, বিৰোধীয়ে ৰাজ্যজুৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। তাৰ মাজতে নতুন প্ৰজন্মৰ ভোটাৰসকলৰ মন জয় কৰিবলৈও ৰাজনৈতিক দল, নেতা সমূহে চেষ্টা কৰিছে।

সমান্তৰালকৈ নৱপ্ৰজন্মৰ যিসকলে প্ৰথমবাৰৰ বাবে ভোট প্ৰদান কৰিবলৈ সাজু হৈছে তেওঁলোককো যথেষ্ট উৎসাহী হোৱা দেখা হৈছে। এই ছাত্ৰ-ছাত্ৰীসকল নিৰ্বাচনক লৈ যথেষ্ট আশাবাদী হোৱা পৰিলক্ষিত হৈছে ।

বিহালী সমষ্টিৰ ৰতোৱাস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলো আসন্ন লোকসভা নিৰ্বাচনৰ পূৰ্বে যথেষ্ট আশাবাদী। তেওঁলোকৰ আহ্বান সকলোৱে নিজৰ নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰি একো একোজন যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰি গণতন্ত্ৰৰ ভেটি মজবুত কৰক ।

বিহালীৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বিশেষ আহ্বান...
বলিউডী ডিজেৰ তালত হেৰাল আমাৰ সংস্কৃতি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in