/asomiyapratidin/media/media_files/2025/03/10/sSw595gcYYFwjrfyTfFf.jpg)
ডিজিটেল সংবাদ,ৰঙাপৰা: ৰঙাপৰাৰ পাগলাবিল অঞ্চলত চুৰিকাণ্ড সংঘটিত কৰি সন্ত্ৰাস সৃষ্টি কৰা এজন গভাইত চোৰক আটক ৷ পাগলাবিলৰ কৃষক গোপাল কিষানে নিজৰ তৰমুজ খেতিত পানী দিবলৈ এটি পাম্প মেচিন ভাড়ালৈ আনিছিল ৷ কিন্তু দেওবাৰে পাগলাবিলৰ চুকৰা খেৰীয়া নামৰ চোৰটোৱে পাম্প মেচিনটো চুৰি কৰি লৈ যায় ৷
চুৰি কৰা পাম্প মেচিনটো চুকৰা খেৰীয়াই বিক্ৰী কৰিবলৈ ৰঙাপৰাৰ এখন দোকানলৈ আনাৰ সময়তে দোকানৰ মালিকে চোৰটোক ধৰি ৰঙাপৰা আৰক্ষীক চমজাই দিয়ে ৷ চুকৰা খেৰীয়াই অঞ্চলটোৰ পৰা বহু পাম্প মেচিনৰ লগতে সা-সামগ্ৰী চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us