মাছ মাৰি নিৰ্বাচনৰ ভাগৰ পলোৱালে বিধায়ক পদ্ম হাজৰিকাই

মাছ মাৰি নিৰ্বাচনৰ ভাগৰ পলোৱালে বিধায়ক পদ্ম হাজৰিকাই

author-image
Asomiya Pratidin
New Update
মাছ মাৰি নিৰ্বাচনৰ ভাগৰ পলোৱালে বিধায়ক পদ্ম হাজৰিকাই

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ "নিৰ্বাচন শেষ ৷ বোকা চতিয়া ৰাজনীতিও শেষ ৷ এতিয়া বিহুমৰাৰ সময় ৷ নিৰ্বাচনৰ ভাগৰ পলোৱা সময় ৷ বিহু বুলি এসাজ লগে-ভাগে খোৱাৰ সময় ৷ সেয়ে ওলাই আহিছো পুখুৰীত মাছ মাৰিবলৈ" এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷

Advertisment

শুকুৰবাৰে পুৱা জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা কৃষি পামত মাছ মাৰিবলৈ উপস্থিত হয় বিধায়ক পদ্ম হাজৰিকা। কান্ধত পল' লৈ কণ্যকা পৰিয়ালৰ সদস্য সকলৰ সৈতে বিহু গাই মাছ মৰাত ব্যস্ত হৈ পৰে বিধায়কগৰাকী ৷ এই সময়ছোৱাত বিধায়কগৰাকীক সংগ দিয়ে দলীয় তথা কৃষি পামখনৰ কৰ্মী সকলে।

Also Read: ৮৮.৮ শতাংশ নম্বৰেৰে উজ্বলিল ভেটিয়নী গাঁৱৰ মমি..

chatiya MLA padma hazarika