জামুগুৰিহাটত কংগ্ৰেছ,অগপ দল ত্যাগ কৰি তিনি শতাধিকৰ বিজেপিত যোগদান

জামুগুৰিহাটত কংগ্ৰেছ,অগপ দল ত্যাগ কৰি তিনি শতাধিকৰ বিজেপিত যোগদান

ডিজিটেল সংবাদ,জামুগুৰিহাট : 'যিদিনালৈকে কংগ্ৰেছ দলে অসমৰ ৰাইজৰ আশা আকাংক্ষা অনুধাৱন কৰিব নোৱাৰিব, সেইদিনালৈকে কংগ্ৰেছ দলক অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিয়ে থাকিব ৷ বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শূণ্যত গদা ঘুৰাই আছে ৷ ইয়াৰ ফলাফল একো নাপায় ৷' এই মন্তব্য বিধায়ক পদ্ম হাজৰিকাৰ ৷

বুধবাৰে জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা নৱগঠিত নদুৱাৰ সমষ্টি পৰ্যায়ৰ এখন সাংগঠনিক সভাত এইদৰে কৈ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজাই বিধায়ক পদ্ম হাজৰিকাই ৷ ইফালে এই সভাতেই আগন্তুক লোকসভা নিৰ্বাচনত নদুৱাৰ সমষ্টিৰ পৰা এক লাখতকৈও অধিক ভোট বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিব বুলি দাবী কৰি কংগ্ৰেছ দল কাহানিবাই মূলসুঁতিৰ ভোটাৰৰ পৰা আতৰি গৈ এতিয়া আলি কুলিৰ মাজত খোপনি পোটাৰ চেষ্টা চলোৱা বুলিও কটাক্ষ কৰে ৷

আনহাতে উক্ত সভাত সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছ,অগপ দলৰ প্ৰায় ৩শতাধিক নেতা-কৰ্মীয়ে দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে ৷ যোগদানকাৰী সকলৰ ভিতৰত ৰাজ্যিক পৰ্যায়ৰ জ্যেষ্ঠ কংগ্ৰেছী নেতা ক্ষেমৰাজ চেত্ৰীৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা,পঞ্চায়তৰ সভাপতি,আঞ্চলিক সদস্য,জিলা পৰিষদৰ সদস্যই যোগদান কৰে ৷

অগপ আৰু কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা সকলক দলীয় প্ৰতীক সম্বলিত টুপি আৰু গামোছা পিন্ধাই বিধায়ক পদ্ম হাজৰিকাই আদৰণি জনায় ৷ ভাষণ প্ৰসংগত বিধায়ক পদ্ম হাজৰিকাই কয়- মোৰ সমষ্টিৰ সংখ্যালঘু ৰাইজৰ অভূতপূৰ্ব সহাঁৰিয়ে দলটোক আৰু অধিক শক্তিশালী কৰি তুলিলে ৷ সমষ্টিটোৰ প্ৰতিঘৰ সংখ্যালঘু ৰাইজৰ ঘৰত এতিয়া বিজেপি দলৰ পতাকা উৰিবলৈ আৰম্ভ কৰিছে ৷ এইয়া দলটোৰ কাৰণে শুভ লক্ষণ ৷

ইয়াৰোপৰি যোগদানকাৰী সকলক দলটোত উপযুক্ত মৰ্যাদা প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ যোগদান সভাখনিত বিজেপি দলৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷

জামুগুৰিহাটত কংগ্ৰেছ,অগপ দল ত্যাগ কৰি তিনি শতাধিকৰ বিজেপিত যোগদান
বিশ্বনাথত মাছমৰীয়াৰ উত্তাল প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in