/asomiyapratidin/media/media_files/2025/04/16/MIyerJMkdeliu2y1MXoq.jpg)
ডিজিটেল সংবাদ জামুগুৰিহাটঃ ৰঙালী বিহুৰ আনন্দ উল্লাসত মতলীয়া হৈ থকাৰ মাজতে জামুগুৰিহাটৰ এগৰাকী স্থানীয় যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্য সৃষ্টি হৈছে। উল্লেখ্য আজি বিয়লিৰ ভাগত জামুগুৰিহাটৰ বামুনবাৰীত ৰে’লৰ খুন্দাত এজন যুৱকৰ মৃত্যু হয়।
নিহত যুৱকজনক নৱজ্যোতি নাথ বুলি চিনাক্ত কৰা হৈছে। নৱজ্যোতি বামুনবাৰী অঞ্চলৰে যুৱক। কিন্তু তেওঁ কিদৰে ৰে’লৰ সন্মুখত পৰিলে সেই কথা এতিয়াও জানিব পৰা নাই। এয়া এক দুৰ্ঘটনা নে আন কিবা সেয়াও স্পষ্ট হোৱা নাই।
ঘটনা সংঘটিত হোৱাৰ পাছতে এই খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় ৰে’ল আৰক্ষীৰ এটা দল। তেওঁলোকে মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বিহুৰ বতৰতে স্থানীয় যুৱকজনৰ এইদৰে মৃত্যুৱে অঞ্চলটোত বিহুৰ আনন্দত ম্লান পেলাইছে।