ৰঙাপৰাৰ কলনী চাহ বাগিচাৰ ডেভিদ চাংগা হত্যাকাণ্ডৰ সৈতে জড়িত এজনক আটক

ৰঙাপৰাৰ কলনী চাহ বাগিচাত সংঘটিত ডেভিড চাংগা নামৰ যুৱকজনৰ জঘন্য হত্যাকাণ্ডৰ সৈতে জড়িত আনন্দ কৰ্মকাৰ নামৰ এজন যুৱকক আটক কৰিবলৈ সক্ষম হৈছে ৰঙাপৰা আৰক্ষী৷

author-image
Asomiya Pratidin
New Update
ৰঙাপৰাৰ কলনী চাহ বাগিচাৰ ডেভিদ চাংগা হত্যাকাণ্ডৰ সৈতে জড়িত এজনক আটক

ডিজিটেল সংবাদ জামুগুৰিহাটঃ  ৰঙাপৰাৰ কলনী চাহ বাগিচাত সংঘটিত জঘন্য হত্যাকাণ্ডৰ সৈতে জড়িত এজনক আটক কৰিবলৈ সক্ষম হৈছে ৰঙাপৰা আৰক্ষী৷ অভিযোগ অনুসৰি কলনী চাহ বাগিচাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আছিল আনন্দ কৰ্মকাৰ নামৰ যুৱক জন৷

Advertisment

আটকাধীন যুৱক জনৰ ঘৰ কলনী চাহ বাগিচাৰ হাস্পতাল লাইনত৷ অভিযোগ মতে হত্যাকাণ্ডৰ সৈতে প্ৰত্যক্ষভাৱেই জড়িত আছিল এইজন আনন্দ কৰ্মকাৰ৷ উল্লেখ্যে যে যোৱা শনিবাৰে ৰঙাপৰাৰ কলনী চাহ বাগিচাৰ ডেভিড চাংগা নামৰ যুৱক জনক গুলীয়াই হত্যা কৰি পলায়ন কৰিছিল দুজনকৈ অচিনাক্ত আততায়ী৷

শনিবাৰে নিশা ডেভিদ চাংগা নামৰ যুৱক জনক ঘৰৰ পৰা মাতি আনি সৎসঙ্গ বিহাৰ সন্মুখত বুকুত গুলীয়াইছিল।এই ঘটনাৰ পাছতে বাগিচাখনৰ লগতে সমগ্ৰ ৰঙাপৰা অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ এই ঘটনাৰ পাছত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ৭.৬৫ পিষ্টলৰ খালী কাৰ্টিজ উদ্ধাৰ কৰাৰ লগতে ঘটনাস্থলীৰ কিছু দূৰত্বত গৰাকী বিহীন AP-37-BP-01  নম্বৰৰ এখন আপাছি মটৰ চাইকেল উদ্ধাৰ কৰিছিল। 

ইয়াৰ পাছতে ৰঙাপৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধনজিৎ হালৈয়ে অভিযান তীব্ৰতৰ কৰি অৱশেষত এজনক আটক কৰিবলৈ সক্ষম হৈছে৷ কিন্তু এই জঘন্য হত্যাকাণ্ডৰ মূল অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত আছে৷ সম্প্ৰতি ৰঙাপৰা আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত আটকাধীন আনন্দ কৰ্মকাৰক ভাৰতীয় ন্যায় সংহিতাৰ নিৰ্দিষ্ট ধাৰা অনুসৰি গ্ৰেপ্তাৰ কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে৷

হত্যাকাণ্ড ৰঙাপৰা