/asomiyapratidin/media/media_files/2025/04/09/FVeca2DAdvykuvCAhVnD.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: বিহালী সমজিলাৰ অন্তৰ্গত বেদেতীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ওম প্ৰকাশ আগৰৱালা(৭৫)ৰ যোৱা নিশা প্ৰায় ১-৩০ বজাত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। দেহৰ বিভিন্ন ৰোগত আক্ৰান্ত হোৱা ওম প্ৰকাশ আগৰৱালা যোৱা প্ৰায় এসপ্তাহ ধৰি গুৱাহাটীৰ এপল' হাস্পতালৰ আই চিউত চিকিৎসাধীন হৈ থকা অৱস্থাত অৱশেষত মৃত্যুক আকোৱালি লয় তেওঁ।
তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।মৃত্যুৰ সময়ত তেওঁ তেওঁৰ ভাতৃ সুভাষ আগৰৱালাৰ লগতে দুই পুত্ৰ ক্ৰমে মনোজ আগৰৱালা আৰু সঞ্জু আগৰৱালা,এগৰাকী বিবাহিত জীয়ৰী, জোঁৱাইৰ উপৰিও বহু আত্মীয়-স্বজনক ইহ-সংসাৰত এৰি থৈ গৈছে।