সংখ্যালঘু অধ্যুষিত অঞ্চলত বিধায়ক পদ্ম হাজৰিকাক বিপুল আদৰণি

সংখ্যালঘু অধ্যুষিত অঞ্চলত বিধায়ক পদ্ম হাজৰিকাক বিপুল আদৰণি জনোৱা হয়

author-image
Asomiya Pratidin
New Update
সংখ্যালঘু অধ্যুষিত অঞ্চলত বিধায়ক পদ্ম হাজৰিকাক বিপুল আদৰণি

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ চতিয়া সমষ্টিক বিলুপ্তি ঘটাই নতুনকৈ নদুৱাৰ সমষ্টি হিচাপে নামাকৰণ কৰাৰ পাছত সমষ্টিটোৰ পশ্চিম প্ৰান্তৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত শুকুৰবাৰে বিয়লি অনুষ্ঠিত হয় বিজেপি দলৰ এক দলীয় সভা ৷ ৯০ শতাংশ সংখ্যালঘু ৰাইজৰে পৰিপূৰ্ণ অঞ্চলটোত বিধায়কগৰাকীক উষ্ম আদৰণি জনাই বিজেপি জিন্দাবাদ, পদ্ম হাজৰিকা জিন্দাবাদ আদি ধ্বনিৰে পাচঁমাইলৰ আকাশ বতাহ কঁপাই তোলে ৷

Advertisment

যি সময়ত বিজেপি বুলি ক'লেই ইছলামধৰ্মী ৰাইজে শত্ৰু আচৰণ কৰে সেই সময়ত পাচঁমাইলত প্ৰায় ৫সহস্ৰাধিক সংখ্যালঘু ৰাইজে বিধায়ক পদ্ম হাজৰিকাক জননেতা হিচাপে আঁকোৱালী লোৱা কাৰ্যই বিৰোধীৰ শিবিৰতো একপ্ৰকাৰে কঁপনি তুলিছে ৷ ভাষণ প্ৰসঙ্গত বিধায়কগৰাকীয়ে কয়- এই অঞ্চলৰ দালালগিৰী, গুণ্ডাগিৰীৰ বিৰুদ্ধেহে মই উচ্ছেদ অভিযান আৰম্ভ কৰিম ৷

ঠগ, প্ৰৱঞ্চক, দুৰ্নীতিকাৰী তথা ৰাইজৰ তেজ শুহি খোৱাসকলক মই কেতিয়াও শান্তিৰে শুৱলৈ নিদিও ৷ উল্লেখ্য যে প্ৰস্তাৱিত নদুৱাৰ সমষ্টিত পাচমাইল, চামধৰা, ৰাজগড়, ভোজখোৱা চাপৰিৰ প্ৰায় ২৬ হেজাৰ সংখ্যালঘু ভোটাৰ ৰাইজ নতুনকৈ সংযোজন হোৱাৰ পাচত শুকুৰবাৰে প্ৰথমবাৰলৈ বিধায়কগৰাকীক এইদৰে সংখ্যালঘু ৰাইজে ব্যাপক আদৰণি জনোৱা পৰিলক্ষিত হয় ৷

Also Read: পলাতক এ এছ পি শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ

padma hazarika