জটিল ৰোগত আক্ৰান্ত বগাবিল গাঁৱৰ মেধাৱী ছাত্ৰী : সাহাৰ্য বিচাৰি মুখ্যমন্ত্ৰী লৈ আবেদন পৰিয়ালৰ

জটিল ৰোগত আক্ৰান্ত বগাবিল গাঁৱৰ মেধাৱী ছাত্ৰী : সাহাৰ্য বিচাৰি মুখ্যমন্ত্ৰী লৈ আবেদন পৰিয়ালৰ

author-image
Asomiya Pratidin
New Update
জটিল ৰোগত আক্ৰান্ত বগাবিল গাঁৱৰ মেধাৱী ছাত্ৰী : সাহাৰ্য বিচাৰি মুখ্যমন্ত্ৰী লৈ আবেদন পৰিয়ালৰ

ডিজিটেল সংবাদ,জামুগুৰিহাট : শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়া বগাবিল গাঁৱৰ মেধাৱী ছাত্ৰী ৰূপালী দেৱী জটিল ৰোগত আক্ৰান্ত হোৱাত চিন্তিত হৈ পৰিছে পৰিয়াবৰ্গ ৷ গাঁৱখনৰ নেত্ৰ শৰ্মা আৰু গোমা দেৱীৰ কন্যা ৰূপালী দেৱী বিগত ছমাহ ধৰি জটিল ৰোগত আক্ৰান্ত হোৱাত চিকিৎসাৰ ক্ষেত্ৰত আৰ্থিক সমস্যাত পৰিছে পিতৃ-মাতৃ।

Advertisment

দৰিদ্ৰ পৰিয়ালটিৰ সন্তান তথা মেধাবী ছাত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ পিতৃ-মাতৃ তথা পৰিয়ালবৰ্গই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সহায়ৰ হাত মেলিছে ৷ দুৰাৰোগ্য ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰীগৰাকীৰ উন্নত চিকাৎসাৰ বাবে আৰ্থিক সাহাৰ্য্য বিচাৰি কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে।

এই ক্ষেত্ৰত কোনো সদাশয় ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰিলে ভাৰতীয় ষ্টেট বেংকৰ 36214985308 নম্বৰ একাউণ্ট আৰু IFSC code SBIN0009142 ৰ জৰিয়তে আগবঢ়াবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই।

Also Read: পাটাছাৰকুছি বিদ্যাপীঠত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনিৰ বিনামূলীয়া কৰ্মশালাৰ সামৰণি

jamugurihat